চতুৰ্থ বৰ্ষপূৰ্তিত অসম চৰকাৰক কঠোৰ সমালোচনা তৰুণ গগৈৰ

ক’ভিভ-১৯ ৰ ত্ৰাসৰ মাজতে ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিলে কাৰ্যকালৰ চতুৰ্থটো বছৰ ৷ কিন্তু চাৰিবছৰীয়া কাৰ্যকালত চৰকাৰখনে অসমৰ ৰাইজক প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰা বুলি আজি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সাংবাদিকৰ আগত গগৈয়ে লগতে কয় যে-

১. কেৱল প্ৰচাৰৰ চমকত থকা চৰকাৰৰ দ্বাৰা ৰাইজ প্ৰৱঞ্চিত হোৱাটো স্বাভাৱিক ৷

২. চৰকাৰখনক নেতৃত্ব দিছে মেৰুদণ্ডহীন মুখ্যমন্ত্ৰীয়ে ৷

৩. ইমান মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী দেখা নাছিলো ৷

৪. অসমৰ প্ৰতি নিজস্ব কোনো দায়বদ্ধতা মুখ্যমন্ত্ৰীয়ে দেখুৱাব পৰা নাই ৷

৫. অসম এতিয়া দুৰ্নীতিৰ স্বৰ্গভূমি ৷

৬. উন্নয়নৰ কোনো নাম গোন্ধেই নাই ৷

৭. আমি যি উন্নয়নৰ কাম কৰি থৈছিলো তাৰ ওপৰতে চৰকাৰ চলি আছে ।

৮. দিহিং পাটকাইৰ ধ্বংসৰ অনুমোদন ৰাজ্য চৰকাৰে দিছে ৷

৯. অসম চৰকাৰৰ অনুমোদন নহ’লে কেন্দ্ৰই কেনেকৈ অসমৰ সম্পদৰ ওপৰত হাত দিব পাৰে ৷

১০. সম্প্ৰতি চৰকাৰখনে অসমক বিদেশী মুক্ত কৰাৰ কথা নকয় ৷কাৰণ জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ তেওঁলোকে কা আনিছে।

১১. স্বাস্থ্য বিভাগে যথেষ্ট ভাল কাম কৰিছে।

১২. হিমন্ত বিশ্ব শৰ্মাই ঢোলটো অলপ বেছি বজাইছে  ৷ বাকীসকলে বজাব জনা নাই ৷

১৩. কেন্দ্ৰীয় চৰকাৰে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে যদিও তলাবন্ধ ঘোষণাকে ধৰি কোনো কোনো ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শিতাৰ অভাৱ স্পষ্ট হৈ পৰিছে ।

ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য চাৰি বছৰীয়া পূৰ্তিত অসম চৰকাৰখনৰ সফলতা দিহিং পাটকাইত খননৰ অনুমতি আৰু তৈলক্ষেত্ৰ নিলাম নেকি বুলি প্ৰশ্ন কৰে ৷ এক বিবৃত্তিত ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কেন্দ্ৰীয় চৰকাৰৰ অসম বিৰোধী স্থিতিৰ একান্ত বাধ্য ছাত্ৰ বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী জনক অসমৰ স্বাৰ্থৰ হকে মাত মাতিবলৈ আহ্বান জনায় ।

Exit mobile version