নিয়ম উলংঘা কৰি বিমানৰ পৰা নামি পোনে পোনে স্বগৃহলৈ কেন্দ্ৰীয় মন্ত্ৰী

IMG 20200526 164609

ক’ভিড-১৯ ৰোধৰ বাবে বিমান চলাচলৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিলে স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীয়ে৷ নতুন দিল্লীৰ পৰা বিমানযোগে বাংগালুৰুত উপস্থিত হোৱাৰ পাছতে কেন্দ্ৰৰ নিৰ্দেশিকাক উপেক্ষা কৰি নিজগৃহলৈ ৰাওনা হয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী সদানন্দ গোড়াই । আনকি চৰকাৰৰ এই নীতি নিৰ্দেশনা মন্ত্ৰীৰ বাবে নহয় বুলিও গৌড়াই মন্তব্য কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই কাণ্ডই স্বাভাৱিকতে বিতৰ্কৰ জোৱাৰ তুলিছে। সোমবাৰৰ পৰা দেশৰ ভিতৰত আৰম্ভ হৈছে বিমান চলাচল ৷ অৱশ্যে কেন্দ্ৰই জাৰি কৰা নিৰ্দেশিকা অনুসৰি বিমানৰ পৰা নমাৰ পাছতে প্ৰত্যেক বিমান যাত্ৰীয়ে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থাকিব লাগিব ৷ কিন্তু কেন্দ্ৰীয় মন্ত্ৰী গৌড়াৰ মতে যেন এই নীতি নিয়ম কেৱল সাধাৰণ জনতাৰ বাবেহে ৷ সেয়ে বেংগালুৰুৰ বিমানকোঠৰ পৰা বাহিৰ ওলায়েৎ মন্ত্ৰীজনে নিজৰ ব্যক্তিগত বাহনত উঠি কোৱাৰেন্টাইনৰ পৰিৱৰ্তে নিজগৃহলৈ ৰাওনা হয় ।

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত গৌড়াই কয় “মইতো মন্ত্ৰী ৷ সেয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মোক ৰেহাই দিছে ।” উল্লেখযোগ্য যে কৰ্ণাটক চৰকাৰে বিমানযাত্ৰীসকলৰ বাবে এখন হোটেলত সাত দিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে ৷ অৱশ্যে ব্যৱসায়ীসকলে অতি গুৰুত্বপূৰ্ণ কাৰণত আহিলে নিৰ্দেশিকাত তেওঁলোকক ৰেহাই দিয়াৰ ব্যৱস্থা আছে ৷ কিন্তু এই ৰেহাই লাভৰ কাৰণে ব্যৱসায়ীৰ হাতত থাকিব লাগিব আইচিএমআৰ ক’ভিড১৯ নিগেটিভ প্ৰতিবেদন । লক্ষ্যণীয়ভাৱে এই নিৰ্দেশিকাত নেতা মন্ত্ৰীক ৰেহাই দিয়াৰ কথা উল্লেখ নাই । সাধাৰণ লোক আৰু মন্ত্ৰীৰ বাবে নিয়ম পৃথক নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে কয় “মন্ত্ৰী হিচাপে মোক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰেহাই দিছে ।সেয়েহে ইয়াত একো অন্যায় হোৱা নাই।” মন্ত্ৰী গৌড়াৰ অধীনতে আছে কেন্দ্ৰৰ ঔষধ সংক্ৰান্তীয় দপ্তৰ ৷ সেই যুক্তি প্ৰদৰ্শন কৰি মন্ত্ৰীজনে পুনৰ কয় “মই যদি ঔষধ সৰবৰাহ নকৰো,আক্ৰান্তৰ সংখ্যা দ্বিগুণ হৈ পৰিব ৷ সমগ্ৰ দিশলৈ ঔষধ সৰবৰাহ বিষয়টো চোৱাচিতাৰ দায়িত্ব মোৰ ওপৰত ৷ চিকিৎসক, ঔষধ সৰবৰাহকাৰীসকলেই যদি কোৱাৰেন্টাইনত থাকে, তেন্তে আমি কেনেকৈ কৰ’নাক পৰাজিত কৰিম ।

Exit mobile version