বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে সহবাস ধৰ্ষণ নহয়ঃ ওড়িছা উচ্চ ন্যায়ালয়

AAGN7IE

বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপন হ’লে তাক ধৰ্ষণ গণ্য কৰা নহ’ব ৷ এই ৰায় দিয়ে ওড়িছা উচ্চ ন্যায়ালয়ে ৷ এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত নিম্ন আদালতৰ ৰায় সলনি কৰি ওড়িছা উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে ৷ আইন অনুসৰি এজন ব্যক্তিক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰিব পৰা যায় যদিহে সেই ব্যক্তিয়ে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে সহবাহ কৰাৰ প্ৰমাণ আদালতত অভিযোগকাৰীয়ে  দাখিল কৰিব পাৰে ৷ কিন্তু ওড়িছা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে পানীগ্ৰাহীয়ে ৰায় দি কয় যে ধৰ্ষণৰ আইন ঘনিষ্ঠ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, বিশেষকৈ যি ক্ষেত্ৰত স্বইচ্ছাই এগৰাকী মহিলাই কোনো পুৰুষৰ স’তে সম্পৰ্কত জড়িত হয় তেতিয়া এই আইন কাৰ্যকৰী নহয় । এই ৰায় দি উচ্চ ন্যায়ালয়ে অভিযুক্ত অচুৎ কুমাৰৰ জামিন আবেদন মঞ্জুৰ কৰে ৷

উল্লেখযোগ্য যে কুমাৰৰ বিৰুদ্ধে ২০১৯ ত কোৰাপুটত এগৰাকী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ অনুসৰি তেওঁ কুমাৰৰ স’তে হোৱা যৌন সম্পৰ্কৰ পৰিণতিত দুবাৰকৈ গৰ্ভধাৰণ কৰাইছিল ৷ যুৱতীগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে কুমাৰক গ্ৰেপ্তাৰ কৰে আৰু নিম্ন আদালতত কুমাৰৰ জামিন আবেদন নাকচ হৈছিল ৷ উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ৰ পুনৰ বিচাৰ চলাই ন্যায়াধীশ পানিগ্ৰাহীয়ে কয় “আইনে এই সমস্যাৰ সঠিক সমাধান দিব নোৱাৰিব । আইনে এটা কথা কয় যে বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি সহবাসৰ বাবে সন্মত কৰালে তাক বৈধ সন্মতি গণ্য কৰা নহয় ৷ যিহেতু আইনৰ ৰূপকাৰসকলে এটি বিশেষ পৰিস্থিতিৰ কথা উল্লেখ কৰিছে যি ক্ষেত্ৰত সন্মতি আচলতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰা অনুসৰি সন্মতি গণ্য কৰা নহয় ৷ সহবাসৰ বাবে বিবাহৰ প্ৰতিশ্ৰুতি দি লাভ কৰা সন্মতি ৩৭৫ ধাৰাৰ অধীনস্থ নহয় । বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা সহবাসক ধৰ্ষণ গণ্য কৰাৰ আইন ত্ৰুটিপূৰ্ণ ধাৰণা হয় ৷ অৱশ্যে এই গোচৰৰ বিস্তাৰিত শুনানি গ্ৰহণৰ প্ৰয়োজন আছে বুলি ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰি অভিযুক্তৰ জামিন আবেদন মঞ্জুৰ কৰে ৷

Exit mobile version