ভূ-গৰ্ভতো কৰ’না সংক্ৰমণ

Gold Mine

ভূ গৰ্ভতো এতিয়া সুৰক্ষিত নহয় মানৱ জাতি । মাৰাত্মক কৰ’না ভাইৰাছে শেহতীয়া কৈ ভূ গৰ্ভতো নিজৰ অস্তিত্ব সাব্যস্ত কৰিবলৈ লৈছে । দক্ষিণ আফ্ৰিকাৰ ভূ গৰ্ভত কৰ’না ভাইৰাছে অস্তিত্ব সাব্যস্ত কৰাই নহয়, ১৬৪ জন শ্ৰমিকৰ শৰীৰত প্ৰৱেশ কৰিবলৈকো সক্ষম হৈছে । দেশখনৰ জোহান্সবাৰ্গৰ দক্ষিণ-পশ্চিমৰ এমপোনেং সোণৰ খনিত কৰ্মৰত এই শ্ৰমিক সকলৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । প্ৰায় একেটা পর্যায়তে সোণৰ খনিৰ ১৬৪জন শ্ৰমিক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাত দক্ষিণ আফ্ৰিকাত চাঞ্চল্যৰ সৃষ্টি হৈছে । জোহান্সবাৰ্গৰ এই সোণৰ খনিটো বিশ্বৰ অন্যতম গভীৰতম খনি । সেয়েহে দক্ষিণ আফ্ৰিকাত তলাবন্ধ আৰম্ভ হোৱাৰ পৰা খনিটোত কাম কাজ সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰিছিল ।

তলাবন্ধ কিছু শিথিল হোৱাৰ কৰাৰ পাছৰে পৰা সোণৰ খনিটোত কাম-কাজ পুনৰ আৰম্ভ কৰা হৈছিল । কিন্তু ইমান বৃহৎ সংখ্যক শ্ৰমিক একেলগে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত পুনৰ খনিটো বন্ধ কৰি দিয়া হয় ।একেলগে ডেৰ শতাধিক শ্ৰমিক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাত খনি কর্তৃপক্ষ চিন্তাত পৰিছে ।আক্ৰান্ত হোৱা ১৬৪ জন শ্ৰমিকৰ শৰীৰত কৰ’নাৰ কোনো ধৰণৰ উপসৰ্গও ধৰা পৰা নাছিল । ইতিমধ্যে এই শ্ৰমিকসকলৰ চিকিৎসা আৰম্ভ কৰা হৈছে । শেহতীয়া কৈ দক্ষিণ আফ্ৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগ জনক ভাৱে বৃদ্ধি পাবলৈ লৈছে । দক্ষিণ আফ্ৰিকাত সোণৰ খনিটোৰ পূৰ্বে এটি ‘প্লেটিনাম’ খনিত প্ৰথমে কৰ’নাত আক্ৰান্ত হৈছিল শ্ৰমিক । পৰৱৰ্তী সময়ত আন বহু খনিত কৰ’নাত আক্ৰান্ত হৈছিল শ্ৰমিক । ভূ গর্ভৰ খনিৰ ভিতৰতো এইদৰে কৰ’নাই বিস্তাৰ লাভ কৰাত আতংকিত হৈ পৰিছে শ্ৰমিক সকল ।

Exit mobile version