৮০ শতাংশ ছাত্ৰ ছাত্ৰীয়ে খালী কৰিলে হোষ্টেল

73056376

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশৰ ভিত্তিত ছাত্রবাস আৰু ছাত্ৰী বাস সমূহ খালী কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে কটন বিশ্ববিদ্যালয়কে ধৰি আন শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে। মঙলবাৰ পৰ্যন্ত কটন বিশ্ববিদ্যালয়ৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে খালী কৰিছে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস। ‘দৈনিক অগ্ৰদূত’ৰ আগত এইকথা অৱগত কৰি কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত দাসে কয় যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কালি এক জৰুৰী নিৰ্দেশনাযোগে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহ অধিগ্ৰহণ কৰা বিষয়টো ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা হয়। ইয়াৰ ভিত্তিতে প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ স’তে মিলি ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসৰ পৰা নিজৰ বয় বস্তু সমূহ সংগ্ৰহ কৰিছে। বাকী ২০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে কাইলৈৰ ভিতৰত বয় বস্তু সমূহ সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছে।’

তলাবন্ধৰ বাবে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে এই সময়ছোৱাত নিজৰ বয় বস্তু সমূহ সংগ্ৰহ কৰিব নোৱাৰে, তেন্তে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বয় বস্তু সঠিকভাৱে সুৰক্ষিত অৱস্থাত ৰখাৰ ব্যৱস্থা কৰা হ’ব। তেওঁ এইদৰে কয়। ইপিনে, ততাতৈয়াকৈ জাৰি কৰা নিৰ্দেশনা মৰ্মে একাংশ ছাত্ৰ ছাত্ৰীয়ে আজি আহিব নোৱাৰা বুলি উল্লেখ কৰি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয়, ‘সাম্প্ৰতিক পৰিস্থিতিৰে মোকবিলা কৰাৰ স্বাৰ্থত ছাত্ৰাবাস তথা ছাত্ৰী নিবাস সমূহ এৰি দিয়াৰ ক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আপত্তি কৰা নাই। কিন্তু খালী কৰাৰ বাবে নিৰ্ধাৰণ কৰা সময় যথেষ্ট কম হৈছে। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী সকলে কালি হঠাতে ছাত্ৰাবাস, ছাত্ৰী নিবাস সমূহ খালী কৰাৰ নিৰ্দেশনা পাই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।’

ন্যূনতম এসপ্তাহলৈ সময় বৃদ্ধিৰ দাবী জনাই তেওঁ কয় যে বৰ্তমানো অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ। লগতে এই মুহূৰ্তত বাছ অথবা ৰেলত যাত্ৰা কৰাটো বিপদজনক। নিজাববীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰিব পৰাকৈ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্য নাই। ইয়াৰ বাবে ছাত্রাবাস আৰু ছাত্ৰীনিবাস সমূহ খালী কৰাৰ বাবে নূন্যতম এসপ্তাহ সময় দিয়াৰ বাবে তেওঁ জিলা প্ৰশাসনক আহ্বান জনায়। আনহাতে, ছাত্রাবাস আৰু ছাত্ৰী নিবাসত ততাতৈয়াকৈ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰিব বিচৰা নাই বুলি উল্লেখ কৰি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুই কয় যে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়কে ধৰি আন আন শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাস সমূহ অধিগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিত্তিতে ছাত্ৰ-ছাত্ৰীসকলে, ছাত্ৰাবাস আৰু ছাত্ৰীনিৱাসসমূহ খালী কৰিলেও এতিয়াই কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা নাই। সম্ভাব্য পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ স্বাৰ্থতে এই মূহূৰ্তত সংশ্লিষ্ট ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহ সংৰক্ষণত ৰাখিব বুলি তেওঁ কয়।

Exit mobile version