ৰেস্তোৰাঁ-কাফেত খাবলৈ ভিয়েনাবাসীয়ে লাভ কৰিছে ৫০ ইউৰোৰ ভাউচাৰ

IMG 20200527 163946

অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত কৰ’না পৰিস্থিতিৰ পাছত স্বাভাৱিক জীৱন উভতাই অনাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা হৈছে । এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰাই । কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা তলাবন্ধ ইতিমধ্যে অষ্ট্ৰিয়াত প্ৰত্যাহাৰ কৰা হৈছে । ইয়াৰ পাছৰে পৰা ইউৰোপৰ ঐতিহাসিক চহৰখনৰ বাসিন্দাসকলক ঘৰৰ পৰা ওলাই আহি ৰেস্তোৰাঁত খাদ্য গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।

খাদ্য গ্ৰহণত চহৰখনৰ বাসিন্দাসকলক উৎসাহিত কৰিব পৰাকৈ প্ৰতিটো পৰিয়ালক ৫০ ইউৰোৰ ‘ভাউচাৰ’ উপহাৰ হিচাপে আগবঢ়োৱা হৈছে।ভাৰতীয় মুদ্ৰাৰ হিচাপত ই হ’বগৈ চাৰি হেজাৰ সাতশ টকা। ভিয়েনা চহৰৰ মেয়ৰ মাইকেল লুডউইগে এই ঘোষণা কৰিছে। ভিয়েনাত চাৰে ন লাখ পৰিয়ালে বসবাস কৰে। মেয়ৰ লুডউইগে ঘোষণা কৰে যে চহৰখনৰ প্ৰতিটো পৰিয়ালক দিয়া এই ‘ভাউচাৰ’ একমাত্ৰ ৰেস্তোৰাঁ অথবা কাফেট খাদ্য গ্ৰহণৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব।

টুইটাৰত থকা নিজৰ একাউণ্ট যোগে এই বাৰ্তা প্ৰেৰণ কৰিছে মেয়ৰ লুডউইগে। ঘোষণা অনুসৰি কোনো পৰিয়ালৰ সদস্য সংখ্যা যদি মাত্ৰ এজন হয় তেন্তে তেওঁ ২৫ ইউৰোহে লাভ কৰিব। পৰিয়ালত একাধিক সদস্য থাকিলেহে ৫০ ইউৰোকৈ দিয়া হ’ব। অৱশ্যে সুৰাৰ ক্ষেত্ৰত ৰেস্তোৰাঁ অথবা কাফেত এই ভাউচাৰ কাৰ্যকৰী নহয়।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ কল্পে যোৱা দুমাহ ধৰি দেশখনত তলাবন্ধ অব্যাহত থকাত ভিয়েনাৰ প্ৰায় বিলাক ৰেস্তোৰাঁ অথবা কাফেৰ অৱস্থা শোচনীয় হৈ পৰিছে। সেয়েহে ৰেস্তোৰাঁ আৰু কাফেৰ মালিক পক্ষৰ সহায়ক হোৱাকৈ এই ব্যতিক্রমী উদ্যোগ গ্ৰহণ কৰিছে অষ্ট্ৰিয়া চৰকাৰে। একমাত্ৰ ভিয়েনাৰ ৰেস্তোৰাঁবিলাকক এইদৰে সাহায্য আগবঢ়োৱাৰ ফলত অষ্ট্ৰিয়া চৰকাৰৰ চাৰি কোটি ইউৰো ব্যয় হ’ব। এনে ভাউচাৰবিলাক যোৱা ১৬ মে’ৰ পৰাই প্রযোজ্য হৈছে। সম্প্ৰতি অতি সতৰ্কতামূলক নীতি-নিয়ম মানি অষ্ট্ৰিয়াৰ ৰেস্তোৰাঁ আৰু কাফে বিলাক পুনৰ মুকলি কৰি দিয়া হৈছে।

Exit mobile version