কেন্দ্রত হুলস্থুল কৰিলে বৃদ্ধি পাব কোৱাৰেন্টাইন ৰ সময়সীমা: শৰ্মা

Screenshot 20200524 182511

ৰাজ্যৰ বিভিন্ন স্থানৰ একাংশ কোৱাৰেন্টাইন কেন্দ্রত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে । কেন্দ্ৰবোৰত থকা একাংশ লোকে প্ৰয়োজনীয় সুবিধা লাভ নকৰাৰ অভিযোগৰ ভিত্তিতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । কিন্তু বুধবাৰে সেই লোক সকলক সকীয়নি দি স্বাস্থ্য মন্ত্ৰী ড‌‌‌‍‌‌‌° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কয়, ‘হুলস্থুল বা সেইধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ থকা মানে কোৱাৰেন্টাইনৰ সময়সীমাও বাঢ়ি গৈ থাকিব।আমি কোনো বিয়া-সবাহ পতা নাই।এনে কেন্দ্ৰত মানুহ ৰখাৰ ফলত চৰকাৰৰহে ব্যয় বৃদ্ধি পাইছে। তথাপিও মানুহবোৰ কেন্দ্ৰবোৰত ৰখাৰ কাৰণ হ’ল যাতে তেওঁলোকৰ পৰা পৰিয়াললৈ কৰ’না নিবিয়পে।য’তে হুলস্থুল হব তাতেই কোৱাৰেন্টাইনৰ সময় ১৪দিন বাঢ়ি যাব।’ইপিনে,ক’ভিড-১৯ত আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ লগে লগে ইখনৰ পিছত সিখন চিকিৎসালয়ৰ ক’ভিড চিকিৎসালয় ৰ বিছনা ও শেষ হৈছে।১২০খন বিছনা থকা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ সকলো বিছনা সম্প্ৰতি পূৰ হৈছে।

মঙলবাৰে নিশা মহানগৰীৰ কালাপাহাৰত স্থাপন কৰা ১২০খন বিছনা যুক্ত ক’ভিড চিকিৎসালয়ৰো আটাইকেইখন বিছনা পূর্ণ হয়।ইয়াৰ ফলত মহানগৰৰ সমীপৱর্তী সোণাপুৰ জিলা চিকিৎসালয়ত ৰোগী ভৰ্তি আৰম্ভ হৈছে। স্বাস্থ্যমন্ত্ৰী জনে সদৰী কৰে যে অহা ২৯ মে’ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৰ্তমানৰ চৌহদৰ বিপৰীত দিশে স্থাপন কৰা দুশ বিচনাযুক্ত ক’ভিড চিকিৎসালয় খন মুকলি কৰা হ’ব । তাৰ পিছত প্ৰয়োজন হ’লে আয়ুৰ্বেদিক চিকিৎসালয়, দদৰাস্থিত চিকিৎসালয় আদিতো ৰোগী ভৰ্তি কৰা হ’ব । ড° শৰ্মাই জনাই যে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী স্থানত এহেজাৰ ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থা সাজু কৰি ৰখা হৈছে। অৱশ্যে ইয়াৰ মাজতে সুস্থ হৈও বহুতে চিকিৎসালয় এৰিব। ইয়াৰ উদাহৰণ হিচাপে মন্ত্ৰীজনে উল্লেখ কৰে যে অহা ৩০ মে’ত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু তিনি জুন ত কালা পাহাৰত চিকিৎসালয়ৰ পৰা বহুকেইজন ৰোগী সুস্থ হৈ ওলাই যোৱাৰ সম্ভৱনা আছে। হয়।

Exit mobile version