চাৰি ডিচেম্বৰত কৰ’না নিৰ্মূল হ’ব বিশ্বৰ পৰা

123597 coronavirus 2

সমগ্ৰ বিশ্বত বৰ্তমান ৫৫লক্ষাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । মৃত্যু হৈছে চাৰে তিনি লাখৰো অধিক । প্ৰতিদিনে হেজাৰ হেজাৰ লোক সংক্ৰমিত হ’বলৈ লৈছে কৰ’না ভাইৰাছৰ দ্বাৰা । কৰ’নাক প্ৰতিৰোধ কৰিবলৈ তথা প্ৰতিষেধক সৃষ্টি কৰাৰ প্ৰচেষ্টাত দিন-ৰাতি এক কৰিছে বিশ্বৰ বিভিন্ন দেশৰ শতাধিক বিজ্ঞানীয়ে। এই বিজ্ঞানীসকলে এতিয়ালৈ প্ৰতিষেধক সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই যদিও বিশ্বৰ কোনখন দেশ কেতিয়াকৈ সম্পূৰ্ণ কৰ’নামুক্ত হ’ব পাৰিব সেই বিষয়ে স্পষ্ট ঘোষণা দিবলৈ সমৰ্থ হৈছে । কৰ’না আক্ৰান্ত আৰু এই ভাইৰাছৰ দ্বাৰা মৃত্যু হোৱা সকলক লৈ সম্পন্ন কৰা সমীক্ষাৰ অন্তত লাভ কৰা তথ্যৰ ভিত্তিতে এনে ঘোষণা কৰা হৈছে ।

ছিংগাপুৰ ইউনিভাৰচিটী অৱ টেকন’লজি এণ্ড ডিজাইনৰ বিজ্ঞানীসকলে এনে তথ্যৰে এটি গাণিতিক মডেল তৈয়াৰ কৰিছে । এই মডেলক কামত লগাই বিজ্ঞানীসকলে এনে আশাৰ বতৰা দিবলৈ সক্ষম হৈছে।বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কৰা গণনা অনুসৰি অহা ২৮জুন পৰ্যন্ত সম্পূৰ্ণভাৱে কৰ’নামুক্ত হ’ব পাৰিব ছিংগাপুৰ ।ইয়াৰ পাছত অহা ২৭ আগষ্ট পৰ্যন্ত সম্পূৰ্ণ ভাৱে কৰ’নামুক্ত হ’ব পাৰিব ব্ৰিটেইন।অহা ২০ ছেপ্টেম্বৰ পৰ্যন্ত মাৰ্কিন যুক্তৰাষ্ট্ৰও কৰ’নামুক্ত হ’ব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে ছিংগাপুৰৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে। অৱশ্যে এনে গণনা ফলিয়াবলৈ হ’লে দেশকেইখনৰ নাগৰিকসকলে কেতবোৰ চৰ্ত ও পূৰণ কৰিব লাগিব । এই চৰ্তবিলাক পূৰ্ণ কৰিব পাৰিলেহে এনে গণনা ফলিয়াব পাৰে ।

এই চৰ্ত বিলাকৰ ভিতৰত আছে কৰ’নাৰ বিৰুদ্ধে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা, সামাজিক দূৰত্বৰ নিয়ম সম্পূৰ্ণ ভাৱে মানি চলা , চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি নিশ্চিত কৰা তথা স্বাস্থ্য বিধি অক্ষুণ্ণ ৰখা । এনে চৰ্ত সম্পূৰ্ণ কৰিব নোৱাৰিলে উল্লিখিত দিনবিলাকৰ পৰিৱৰ্তন হ’ব পাৰে বুলিও বিজ্ঞানীসকলে দোহাৰিছে ।বিজ্ঞানীসকলৰ বিশ্বাস সকলো ধৰণৰ ঘোষিত নীতি-নিয়ম সঠিকভাৱে মানি চলিলে অহা চাৰি ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ বিশ্বৰ পৰাই কৰ’না ভাইৰাছ নিৰ্মূল কৰাটো সম্ভৱ হ’ব পাৰে ।

Exit mobile version