২০১৯ তে জব্দ কৰা ক’ল ইণ্ডিয়াই খনন কৰা কয়লা দেখুৱাই চকুত ধূলি দিয়াৰ অপচেস্টা

14440627 304631739918981 1505313135616300099 n

বহু চৰ্চিত কয়লা ছিণ্ডিকেটৰ কেন্দ্ৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাঁচদিনৰ মূৰত বুধবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই টিকক কয়লা খনন ক্ষেত্ৰ পৰিভ্ৰমণ কৰাৰ পাছতে বহু গোপনতথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে বহুদিন ধৰি মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ক’ল ইণ্ডিয়াৰ সমান্তৰালভাৱে একাংশ দুষ্ট চক্ৰই অবৈধভাৱে কয়লা খনন অব্যাহত ৰাখিছে যদিও বনমন্ত্ৰী জনে অঞ্চলটো পৰিদৰ্শন কৰি অবৈধ কয়লা খনন অব্যাহত থকা আৰু জব্দ কৰা হৈছে বুলি কৰা মন্তব্যই বহুতকে হাঁহিৰ খোৰাক যোগাইছে। মন্ত্ৰীজনৰ এই মন্তব্যৰ ভিত্তি আছিল ক’ল ইণ্ডিয়া লিমিটেডে ২০০৩ ৰ পৰা ২০১৯ পর্যন্ত অবৈধভাৱে খনন কাৰ্য কৰা আৰু এই খননৰ পাঁচ হেজাৰ টনৰো অধিক কয়লা বন বিভাগে জব্দ কৰিছিল ২০১৯ ত । কিন্তু শাসক দলৰ ৰাজনৈতিক নেতাৰ নেতৃত্বত সেই অঞ্চলসমূহত চোৰাংভাৱে অব্যাহত আছে কয়লা খনন। দৈনিক শ শ ট্ৰাকত চোৰাং খনন আৰু সৰবৰাহ অব্যাহত ৰাখিছে চোৰাং মাফিয়া চক্ৰই। কিন্তু মন্ত্ৰীজনে কেৱল ক’ল ইণ্ডিয়াই খনন কৰা অবৈধ কয়লাৰ কথা প্ৰকাশ কৰি চোৰাং কয়লা খনন হোৱা নাই বুলি কৰা মন্তব্যই জিলাখনত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

বিজেপি বিধায়কৰ নেতৃত্বত চলা চোৰাং কয়লা খনন আৰু সৰবৰাহ সুৰক্ষা দিবলৈকে এই বিষয়ে কোনো মন্তব্য প্ৰকাশৰ পৰা মন্ত্ৰীজন বিৰত থাকে বুলি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰে। টিকক কয়লা খনন ক্ষেত্ৰ পৰিদৰ্শনৰ সময়তে মন্ত্ৰীজনে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক সংগী কৰি নোলোৱা বিষয়টোৱে চর্চাৰ বিষয় হৈ পৰিছে। ইপিনে, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দিহিং পাটকাই ভ্ৰমণৰ দুটা দিন পূৰ্বে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ৰূপে দাবী কৰা দালালি কৰি অহা লক্ষ্য কোঁৱৰে মাৰ্ঘেৰিটাত উপস্থিত হোৱা ঘটনাই ৰহস্যৰ সূচনা কৰিছে। তেওঁৰ উপৰি অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংগোপনে মাৰ্ঘেৰিটাত উপস্থিত হোৱা বুলি বহুতেই অভিযোগ সাব্যস্ত কৰিছে। সংবাদ মাধ্যমৰ পৰা দূৰত্ব বৰ্তাই ৰাখি বিধায়ক ভাস্কৰ শৰ্মা, বলীন চেতিয়াৰ সৈতে জয়ন্ত মল্লই মাৰ্ঘেৰিটাৰ বহু স্থান পৰিদৰ্শন আৰু গোপন বৈঠকত অংশ লোৱা ঘটনাই বহু কথাই পোহৰলৈ আনিলে ।

অভিযোগ অনুসৰি বিজেপিৰ বিধায়ক দ্বয় ভাস্কৰ শৰ্মা আৰু বলীন চেতিয়াই চোৰাং কয়লাৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ পুঁজি সংগ্ৰহত ব্যস্ত হৈ পৰিছে আৰু বনমন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি পৰিকল্পিত ভাৱে এক নাটক ৰচনা কৰি বনমন্ত্ৰীৰ ভাষ্যৰ জৰিয়তে জনতাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। কাৰণ চোৰাং কয়লা কেনেদৰে সৰবৰাহ হয় জিলাখনৰ অধিকাংশই প্ৰত্যক্ষ কৰি আহিছে আৰু সেয়েহে মন্ত্ৰীজনৰ ভাষ্যই হাঁহিৰ খোৰাক যোগাইছে। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণে বনমন্ত্ৰী জনৰ ভ্ৰমণক কেন্দ্ৰ কৰি কয়লাৰ চোৰাং বেহা আৰু খনন বন্ধ হ’বা বুলি বহু আশা কৰাৰ কথা প্ৰকাশ কৰি কয়, ‘বনমন্ত্ৰী জনে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি ভাবিছিলোঁ। তেওঁক চোৰাং কয়লা মাফিয়াই চকুত ধূলি মাৰিব পাৰিব বুলি কল্পনা কৰা নাছিলো; কিন্তু চোৰাং কয়লা সৰবৰাহৰ ক্ষেত্ৰত তেওঁ কৰা মন্তব্যই সঁচাকৈয়ে আচৰিত কৰি তুলিলে। কিন্তু আমাৰ স্পষ্ট মত কোনো কাৰণতে আৰু মুক্ত খনন কৰিবলৈ দিয়া নহ’ব। অচিৰেই ইয়াৰ বিৰোধিতাৰে জনমত গঠন কৰি তোলা হ’ব।’

Exit mobile version