উহানৰ হাস্পতালত গৰাকীৰ বাবে তিনিমাহ ধৰি অপেক্ষা জিয়া বাওৰ

IMG 20200529 204838

এটি সাত বছৰ বয়সীয়া মংগোলীয় প্ৰজাতিৰ কুকুৰ । নাম জিয়া বাও । চীনৰ এখন হাস্পতালত যোৱা ফেব্ৰুৱাৰীত প্ৰথম বাৰৰ বাবে দেখা গৈছিল জিয়া বাওক । সেই সময়ৰে পৰা একে স্থানতে প্ৰায় তিনি মাহ ধৰি জিয়া বাওক বহি থকা দেখিবলৈ পায় হাস্পতালখনৰ কর্মীয়ে । অনেক চেষ্টা কৰিও সেই স্থানৰ পৰা কুকুৰ টোক আঁতৰাই পঠাবলৈ সক্ষম নহ’ল হাস্পতালৰ কৰ্মীয়ে । প্ৰকৃততে জিয়া বাওৰ গৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় হাস্পতালখনত । যোৱা ফেব্ৰুৱাৰীত গৰাকী হাস্পতালত ভৰ্তি হোৱাৰ সময়ৰে পৰা জিয়া বাওৱে গৰাকী ঘৰলৈ ওভতাৰ অপেক্ষাত বহি পৰে হাস্পতাল খনত । ঘটনাটো মধ্য চীনৰ হুৱেই প্ৰদেশৰ । উহান তাইকাং নামৰ হাস্পতালখনত কৰ’না সংক্ৰমিত হৈ ভৰ্তি হয় জিয়া বাওৰ গৰাকী । তাৰ পাছতে গৰাকীৰ বাবে অপেক্ষা আৰম্ভ হয় জিয়া বাওৰ । গৰাকী কেতিয়া ওভতিব সেই অপেক্ষা অব্যাহত ৰাখিলেও দুৰ্ভাগ্যজনকভাৱে হাস্পতালত ভৰ্তি হোৱাৰ পাঁচ দিনৰ পাছতেই মৃত্যু হয় জিয়া বাওৰ গৰাকীৰ; কিন্ত অবুজ প্ৰাণী জিয়া বাওৱে হাস্পতালতে বহি থাকে গৰাকীৰ অপেক্ষাত ।

গৰাকীৰ মৃত্যুৰ কেইদিনমান পাছত জিয়া বাওক হাস্পতালৰ কৰ্মীয়ে বহু দূৰত থৈ আহিছিল; কিন্তু সকলো চেষ্টাই ব্যৰ্থ হ’ল । আঁতৰাই থৈ অহাৰ পাছতো প্ৰতিবাৰেই পুনৰ জিয়া বাও উভতি আহে হাস্পতালখনলৈ ।হাস্পতালত প্ৰৱেশ কৰিয়ে পুনৰ বহি পৰে নিৰ্দিষ্ট স্থানত । এটা সময়ত হাস্পতালৰ কৰ্মীসকলেও অনুভৱ কৰিবলৈ সক্ষম হয় জিয়া বাওৰ মনৰ কষ্ট । ইয়াৰ পাছত জিয়া বাওৰ বাবে খাদ্যৰো ব্যৱস্থা কৰে হাস্পতালৰ কৰ্মীসকলে ।অৱশ্যে কৰ’না সংক্ৰমণৰ ভৰপকৰ সময়ত এটা কুকুৰক লৈ সকলো সময়তে ব্যস্ত থকাৰো অৱকাশ নাছিল হাস্পতালৰ কৰ্মীসকলৰ । এইদৰেই পাৰ হৈ যায় তিনিটাকৈ মাহ । পাছত ক্ৰমে স্বাভাৱিক হ’বলৈ লয় চীনৰ পৰিস্থিতি।পুনৰ মুকলি কৰা হয় হাস্পতালৰ কাষৰ ছুপাৰ মাৰ্কেট।জিয়া বাওৰ কাহিনী বিয়পি পৰাত ছুপাৰ মাৰ্কেটৰ গৰাকীয়ে খাদ্য দিবলৈ আগবাঢ়ি আহে । বন্ধুত্ব গঢ়ি উঠে জিয়া বাও আৰু ছুপাৰ মাৰ্কেটৰ গৰাকীৰ মাজত । ক্ৰমে ঠিকনা সলনি হয় জিয়া বাওৰ । নতুন ঠিকনা হয়গৈ ছুপাৰ মাৰ্কেট খন ।পৰৱৰ্তী সময়ত উহানৰ এটি সৰু পশু সংৰক্ষণ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয় জিয়া বাওক । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে জিয়া বাওৰ গৰাকীৰ প্ৰতি থকা আনুগত্যৰ এই কাহিনী।

Exit mobile version