ক্ৰমাৎ বৃদ্ধি পাইছে মহাবাহুৰ জলপৃষ্ঠ

USD 88 million agreement inked to modernise Assam ferries

নেৰানেপেৰা বৰষুণৰ ফলত মহাবাহুকে ধৰি ইয়াৰ নৈ, উপ-নৈসমূহৰ জলপৃষ্ঠ ক্রমাৎ বৃদ্ধি পোৱাত শুক্ৰবাৰৰ পৰা গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ কৰিলে প্ৰশাসনে | কেন্দ্ৰীয় জল আয়োগৰ তথ্য ভিত্তিত অহা দুই নাইবা তিনি দিনৰ ভিতৰত ওফন্দি উঠা ব্রহ্মপুত্রৰ জলপৃষ্ঠই বিপদসীমা অতিক্রম কৰাৰ পূর্ণ সম্ভাৱনা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্রশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ লগতে ব্রহ্মপুত্রৰ বুকুত নাও চলাচল পৰা ৩১ মে’লৈ বন্ধৰ নির্দেশ দিছে৷

Exit mobile version