মহামাৰী কৰ’নাৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে বানপানীৰ তাণ্ডৱ | শুক্ৰবাৰে গোৱালপাৰা জিলাৰ আগিয়াত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰি কয়, “ৰাজ্যত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমানেই বানপানীৰো মোকাবিলা কৰিবলগীয়া হৈছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতে আজি আগিয়া বালিজানা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দ্বাৰকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ লওঁ। লগতে, কণমানিহঁতৰ স’তেও কথা পাতি বানাক্ৰান্তসকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰোঁ । ক’ভিড-১৯ৰ লগতে বানপানীৰ সময়ত হ’ব পৰা বিভিন্ন ৰোগৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰি বানাক্ৰান্তসকলৰ সঘনাই স্বাস্থ্য পৰীক্ষা কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিছোঁ । তদুপৰি, প্ৰয়োজন অনুসৰি সকলো সাহায্য সামগ্ৰী প্ৰদান কৰিবলৈও নিৰ্দেশ দিছোঁ।এনে জটিল সময়ত আশ্ৰয় শিবিৰকেইটাত সমৰ্পিতভাবেৰে সেৱা আগবঢ়াই থকা স্বাস্থ্যকৰ্মীসকলৰ মই আন্তৰিকতাৰে শলাগ লৈছোঁ।”
গোৱালপাৰা জিলাৰ আগিয়াত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
-
By publisher

ADVERTISEMENT
Related Content
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
By
publisher
May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
By
publisher
May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
By
publisher
May 13, 2025