চুম্বন নচলিব, দুই মিটাৰৰ দূৰত্ব বাধ্যতামূলকঃ নিৰ্দেশনাৱলী যুগুত

637033706515347374IyWXls

বলীউডত অচিৰেই ছবি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰডিউচাৰ্ছ গিল্ড অৱ ইণ্ডিয়াই শেহতীয়াভাৱে ৩৭ পৃষ্ঠাৰ এখন নতুন কাৰ্যপদ্ধতিৰ নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে। ছবি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হ’লে দেশৰ সকলো বিনোদন প্ৰতিষ্ঠান তথা চিত্ৰ নিৰ্মাতাসকলে এই নিৰ্দেশনা মানি চলিব লাগিব ৷ যোৱা সপ্তাহত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰে স’তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিনোদন জগতৰ কে’বাজনো সংগঠকে এক আলোচনাত অংশ লৈছিল ৷ এই আলোচনাৰ পাচতে পি জি আয়ে উক্ত কাৰ্যপদ্ধতিৰ নতুন নিৰ্দেশনাৱলী যুগুত কৰে ৷

চলচ্চিত্ৰৰ নিৰ্মাণ পুনৰ আৰম্ভ হ’লে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ছবি নিৰ্মাতাসকলে তলত দিয়া নিয়মসমূহ মানি চলিব লাগিব ৷সকলো কৰ্মীয়ে তিনি তৰপীয়া মাস্ক আৰু গ্ল’ভছ পৰিধান কৰিব লাগিব ৷কৰমৰ্দন চুম্বন আলিংগন তথা অন্যান্য শাৰীৰিক স্পৰ্শজনিত অভিবাদন এৰাই চলিব লাগিব, ছেট কাৰ্যালয় আৰু ষ্টুডিঅ’ত ধূমপান কৰিব নোৱাৰিব,সহকৰ্মীসকলে দুই মিটাৰৰ ব্যৱধান ৰাখিব লাগিব, আগন্তুক কমেও তিনিমাহলৈ ৬০ বছৰৰ উধ্বৰ অভিনেতা অভিনেত্ৰী বা আন কোনো সদস্যক চিত্ৰ নিৰ্মাণৰ স’তে জড়িত কৰিব নোৱাৰিব ৷ এনে বহু নিয়ম নীতি ৩৭ পৃষ্ঠাৰ নিৰ্দেশনাৱলীত উল্লেখ কৰা হৈছে ৷

Exit mobile version