- তিনিচুকীয়া বাঘজানৰ তৈলক্ষেত্ৰত গেছ নিৰ্গত হোৱা সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ টেলিফোনিক বাৰ্তালাপ ৷
- বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে ৷
- লগতে ধৰ্মেন্দ্ৰ প্ৰধানক তাৎক্ষণিক পদক্ষেপ ল’বলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে ৷
- ইয়াৰোপৰি অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ স’তেও টেলিফোনিক বাৰ্তালাপ কৰে সোনোৱালে ৷
- তৈলক্ষেত্ৰৰ কাষৰীয়া অঞ্চলৰ লোকসকলৰ জীৱন নিৰাপত্তা তথা স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰিচালন সঞ্চালকগৰাকীক মুখ্যমন্ত্ৰীয়ে আহ্বান কৰে ৷
- লগতে মুখ্যমন্ত্ৰী সোনোৱালে অসম নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ৱাই সূৰ্যনাৰায়ণক ঘটনাস্থলীলৈ যোৱাৰ বাবে নিৰ্দেশ দিয়ে ৷
তিনিচুকীয়া বাঘজান তৈলক্ষেত্ৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তৎপৰতা
