চীনৰ স’তে সীমান্তত উদ্ভৱ হোৱা সংঘাতক লৈ সম্প্ৰতি মন বেয়া হৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷ ট্ৰাম্পে মোদীৰ সন্দৰ্ভত শেহতীয়াভাৱে কৰা এই মন্তব্যৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে স্পষ্ট কৰি কয় যে সদ্যহতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ স’তে মোদীৰ কোনো যোগাযোগ হোৱা নাই আৰু দুয়োজন নেতাই যোৱা এপ্ৰিলতে অন্তিমবাৰৰ বাবে বাৰ্তালাপ কৰিছিল । চৰকাৰী সূত্ৰৰ ব্যক্তব্য অনুসৰি যোৱা চাৰি এপ্ৰিলত মোদী আৰু ট্ৰাম্পে ফোনত অন্তিমবাৰৰ বাবে বাৰ্তালাপ কৰিছিল । আৰু এই বাৰ্তালাপৰ বিষয় আছিল কৰ’না ৰোগত ব্যৱহৃত হাইড্ৰ’ক্সিক্ল’ৰকুইন দৰৱ । উল্লেখযোগ্য যে ভাৰত চীনৰ মাজত দেখা দিয়া সংঘাতৰ সমাধানৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে অলপতে মধ্যস্থতা কৰাৰো প্ৰস্তাৱ দিছিল ৷ ভাৰতে ট্ৰাম্পৰ মধ্যস্থতাৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পাছত চীনেও মাৰ্কিন ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ বিৰোধিতা কৰে ৷ ট্ৰাম্পে শেহতীয়াভাৱে মোদীৰ স’তে ফোনেৰে বাৰ্তালাপ কৰা বুলি দাবী কৰিছিল যদিও ভাৰতে এই কথা অস্বীকাৰ কৰি স্পষ্টভাৱে কয় যে চাৰি এপ্ৰিলৰ পাছৰ পৰা ট্ৰাম্পৰ স’তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কোনো যোগাযোগ নাই।
চীনক লৈ মন বেয়া মোদীৰঃ দাবী ট্ৰাম্পৰ
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, India, News, world
- Tags: CHAINACovid-19DONALD TRUMPNarendra Modi
Related Content
আমেৰিকাত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে ড'নাল্ড ট্ৰাম্প প্ৰশাসনৰ বিশেষ পৰিকল্পনা!
By
publisher
April 22, 2025
অমিত শ্বাহক হত্যাৰ ষড়যন্ত্ৰ!
By
publisher
April 22, 2025
মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
April 21, 2025
চত্তীশগড়ত আই ই ডি বিস্ফোৰণত শ্বহীদ জোৱান !
By
publisher
April 21, 2025
এতিয়াৰ পৰা প্ৰতিমাহে নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব কেন্দ্ৰই
By
publisher
April 21, 2025
পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ মোডীৰ
By
publisher
April 21, 2025