সম্প্ৰতি মহামাৰী কৰ’নাৰ কাৰণে বিশ্বত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে । এইবাৰ কৰ’না ভাইৰাছৰ কাৰণে আকাশ মাৰ্গত উৰন্ত বিমান গন্তব্যস্থান নোপোৱাৰ আগতেই ঘূৰাই আনিব লগা হ’ল । কাৰণ কৰ’না ভাইৰাছত আক্ৰান্ত হ’ল এজন পাইলট ৷ ঘটনা অনুসৰি শনিবাৰে ভাৰতৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমান ৰাওনা হৈছিল মস্কোলৈ ৷ কিন্তু মাজ আকাশতে বিমানখনৰ পাইলটজন কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ লগে লগে বিমান কৰ্তৃপক্ষই বিমানখনক ওভতাই আনে । ইপিনে পাইলটজন কেনেদৰে কৰ’নাত আক্ৰান্ত হ’ল বা কৰ’নাৰ লক্ষণ থকা এজন লোকক কোৱাৰেন্টাইনত নাৰাখি কেনেদৰে বিমান চলাবলৈ নিৰ্দেশ দিলে ? এই সমগ্ৰ বিষয়টোক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে । আৰু বিষয়টোক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানে (ডিজিচিএ) ৷
ইফালে এয়াৰ ইণ্ডিয়াৰ বিমানখন বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে স্বস্তিৰ নিশ্বাস এৰে কৰ্তৃপক্ষই । আনহাতে কৰ’নাত আক্ৰান্ত হোৱা পাইলটজনৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেন্টাইনলৈ পঠোৱা হয় । লগতে এনে ধৰণৰ কাণ্ডত চৰম অস্বস্তিত পৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ৷ ডিজিচিএৰ মতে” এনেধৰণৰ ঘটনা চৰম গাফিলতিৰ পৰিচায়ক ৷ গতিকে কৰ’নাত আক্ৰান্ত হ’ব পৰা এজন পাইলটক কিয় বিমান চলাবলৈ নিৰ্দেশ দিয়া হ’ল সেই সন্দৰ্ভত তদন্ত কৰা হ’ব।