কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া তলাবন্ধৰ সময়ত লাখ লাখ লোক বহিঃৰাজ্যত আৱদ্ধ হৈ আছে ৷ এই আৱদ্ধ হোৱা লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলীউডৰ বহু চেলিব্ৰিটি ৷ বলীউডৰ অভিনেতা চনু সুডে সম্প্ৰতি বহিঃৰাজ্যৰ শ্ৰমিকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক নিজ গৃহত উপস্থিত হোৱাত সহায় কৰিছে ৷ চনু সুডৰ দৰে বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰেও প্ৰায় ১০০০ জন লোকক নিজ গৃহত উপস্থিত হোৱাত সহায় কৰিছে ৷ এক সাক্ষাৎকাৰত স্বৰা ভাস্কৰে কয় “দেশত মহামাৰীয়ে সৃষ্টি কৰা এনেধৰণৰ পৰিস্থিতিৰ সময়ত লাখ লাখ লোক পথত আছে । তেওঁলোকে আমি অনুভৱ কৰিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ গতিকে মই ঘৰতে বহি নিজেই লজ্জিত অনুভৱ কৰিছো ।”
ইপিনে অভিনেত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে পথত ৫০০ যোৰা জোতা বিতৰণ কৰিছিল । উল্লেখযোগ্য যে বলীউডৰ বহু ছবিত অভিনয় কৰি সফলতা অৰ্জন কৰা স্বৰা ভাস্কৰ টুইটাৰত সক্ৰিয় হৈ থাকে ৷ বিভিন্ন সময়ত দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত দেশৰ নেতা পালিনেতাক প্ৰশ্নৰে থকা সৰকা কৰে স্বৰা ভাস্কৰে ৷ শেহতীয়াকৈ চাহিনবাগৰ কা বিৰোধী প্ৰতিবাদৰ সময়ত স্বৰা ভাস্কৰে সক্ৰিয়তা প্ৰকাশ কৰিছিল ৷ সম্প্ৰতি বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ প্ৰতি মহানুভৱতা দেখুৱাই চৰ্চিত হৈছে বলীউডৰ অভিনেত্ৰী গৰাকী ৷