বিশ্ব স্বাস্থ্য সংস্থাৰ সতে সম্পৰ্ক ছেদ আমেৰিকাৰ

trumptedros1 wide f354d03798e1fa3aec964aa622ad40396af9131a

চীনৰ হৈ পক্ষপাতিত্ব কৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সংস্থাটোলৈ অনুদান ইতিমধ্যে বন্ধ কৰিছে । মন কৰিবলগীয়া যে বিশ্বৰ ভিতৰতে আমেৰিকাই হুক সৰ্বাধিক পৰিমাণৰ অনুদান আগবঢ়াই আহিছে আৰু বিশ্বৰ ভিতৰতে সৰ্বনিম্ন পৰিমাণৰ অনুদান আগবঢ়াই আহিছে চীনে। ট্ৰাম্পৰ অভিযোগ অনুসৰি চীনৰ কু কাণ্ড গাপ দিবলৈ গৈ সমগ্র বিশ্বকে ভয়াবহ সংকটৰ দিশলৈ ঠেলি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ট্ৰাম্পে যোৱা ১৮ মে’ত হুক ৩০ দিনৰ সময়সীমা বান্ধি দি কৈছিল যে এই সময়ছোৱাৰ ভিতৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ নকৰিলে ইয়াৰ পৰা সদস্যপদ প্ৰত্যহাৰৰ কথা ভাবিবলৈ বাধ্য হ’ব আমেৰিকা। অৱশ্যে ৩০ দিন অপেক্ষা নকৰিলে ট্ৰাম্পে।

১২ দিন সম্পূৰ্ণ হোৱাৰ পূৰ্বে চৰম সিদ্ধান্ত মানি ল’লে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে। তেওঁ ঘোষণা কৰে যে হুৰ সতে তেওঁৰ দেশে সম্পৰ্ক ছিন্ন কৰিছে। ট্ৰাম্পে সদৰী কৰা মতে হুৰ অর্থ ভাণ্ডাৰত তেঁওলোকে ইমান দিনে দি অহা ধন অন্য শিতানত ব্যয় কৰিব। কেৱল কৰ’না নহয়, বাণিজ্য আৰু এছিয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আধিপত্য বিস্তাৰক লৈও চীনক কটাক্ষ কৰিবলৈ এৰা নাই ট্ৰাম্পে। চীনক সমালোচনা কৰি ট্ৰাম্পে কয় যে, চীনে কৈছিল যে হংকঙৰ স্বায়ত্ত শাসনৰ অধিকাৰ ৰক্ষা কৰিব। সেইকথা তেওঁলোকে পালন নকৰিলে। যিয়ে হংকঙৰ স্বাধিকাৰ ভংগ কৰিলে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ লম। আমেৰিকাক নিৰাপত্তাৰ কথা ভাবিয়ে নিৰ্বাচিত কিছু সংখ্যক চীনা নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। আমেৰিকাত কৰ’নাত মৃত্যুৰ সংখ্যাই ভয়াবহ ৰূপ লৈছে।

Exit mobile version