ভিয়েটনামৰ মন্দিৰৰ ভগ্নাৱশেষত উদ্ধাৰ হ’ল নৱম শতিকাৰ শিৱ লিংগ

linga

ভিয়েটনামৰ প্ৰাচীন মাই চন বা মি মন্দিৰ চৌহদৰ ভগ্নাৱশেষৰ মাজত উদ্ধাৰ কৰা হৈছে এটি নৱম শতিকাৰ শিৱ লিংগ ৷ ভাৰতীয় পুৰাতাত্বিক সমাজৰ দ্বাৰা চলোৱা খননত এই পুৰণি দৰ্শনটো উদ্ধাৰ হয় ৷ ভিয়েটনামৰ কুয়াং প্ৰদেশস্থিত এই প্ৰাচীন মন্দিৰটোৰ চৌহদত খননৰ লগতে চলাই থকা নিৰ্মাণৰ সময়তে ১১ শ বছৰ পুৰণি শিৱ লিংগটি উদ্ধাৰ হোৱাৰ কথা ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে এক টুইটযোগে জনাইছে । মি চেন হ’ল প্ৰাচীন হিন্দু মন্দিৰৰ শৃংখল । সেই স্থানত একেলগে থকা এক মন্দিৰ শৃংখলক চাম মন্দিৰ বুলি কোৱা হয় ৷ এই “চাম”শব্দটো আহিছে চম্পা”ৰ পৰা ৷ প্ৰাচীন কালত চম্পা নামেৰে জনা গৈছিল মধ্য আৰু দক্ষিণ ভিয়েটনামক ।

দীৰ্ঘদিন ধৰি এই ভূখণ্ডৰ ওপৰত ভাৰতৰ প্ৰভাৱ আছিল ৷ পল্লৱ, ছোলসহ দক্ষিণ ভাৰতত সাম্ৰাজ্য স্থাপন কৰা বহু কেইটা ৰাজবংশৰ আছিল বিশাল নৌ বাহিনী ৷ এই নৌ বাহিনীৰ দ্বাৰাই দক্ষিণ পূব এছিয়াৰ ভূখণ্ডৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল ৰাজবংশকেইটাই । এনে ভূ খণ্ডৰ ভিতৰত চম্পাও আছিল অন্যতম । চতুৰ্থৰ পৰা চতুৰ্দশ শতিকা পৰ্যন্ত চম্পা আছিল দক্ষিণ ভাৰতৰ ৰাজবংশবিলাকৰ অধীনত । সেই সময়তে ভিয়েটনামত বহু মন্দিৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰ ভিতৰত সৰহসংখ্যক মন্দিৰেই আছিল মহাদেৱ অথবা শিৱৰ। এই মন্দিৰসমূহত অনেক নামেৰে শিৱক আৰাধনা কৰা হয় । কিন্তু শিৱৰ সবাতোকৈ অধিক প্ৰচলিত নামটো হ’ল ভদ্ৰেশ্বৰ । ইণ্ডোনেছিয়াৰ বৰবুডুৰ স্তুপ তথা কম্বোডিয়াৰ আঙ্কোৰভাট মন্দিৰৰ লগত তুলনা কৰা হয় মি চেন মন্দিৰ শৃংখলক ।

ইউনেস্ক’ৰ ঐতিহ্য স্থানৰ তালিকাতো স্থান লাভ কৰিছে মি চেনৰ ঐতিহাসিক ক্ষেত্ৰই । ৰজা দ্বিতীয় ইন্দ্ৰ বৰ্মনৰ শাসনকালক চম্পা সাম্ৰাজ্যৰ স্বৰ্ণ যুগ হিচাপে গণ্য কৰা হয় ৷এই সময়ছোৱাত নিৰ্মাণ হৈছিল অধিকাংশ মন্দিৰৰ । ইয়াৰ পূৰ্বেও মি চেনৰ চাম মন্দিৰবিলাকত ছটা শিৱ লিংগ উদ্ধাৰ হৈছিল ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভিয়েটনামৰ যুদ্ধৰ সময়তো ক্ষতিগ্ৰস্ত হয় বহু ঐতিহাসিক কীৰ্তি চিহ্নৰ ৷ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ উদ্যোগত শেহতীয়াকৈ এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে । দেশৰ বাহিৰত থকা ঐতিহ্য আৰু সাংস্কৃতিক চিহ্নবিলাকৰো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ সেই উদ্যোগৰ অংশ হিচাপে শিৱ লিংগটো উদ্ধাৰ হয় । ইয়াৰ ফলত ভাৰতৰে দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশৰ প্ৰাচীন যুগত থকা সম্পৰ্কৰ এক নতুন যুগৰ সূচনা হ’ল বুলি মন্তব্য কৰিছে ইতিহাসবিদসকলে ৷

Exit mobile version