- শেহতীয়াকৈ ৰাজ্যত কৰ’নাৰ সাম্ভাৱ্য পৰিস্থিতি সন্দৰ্ভত সদৰী কৰিলে মন্ত্ৰী ড° শৰ্মাই ৷ লগতে ১৫ মে’ৰ পৰা ৩০ মে’লৈকে ইতিমধ্যে জটিল সময় অসমে পাৰ কৰিছে বুলি সংবাদমেলখনত প্ৰকাশ কৰে মন্ত্ৰী ড° শৰ্মাই ৷
- প্ৰতিটো তলাবন্ধত অসমলৈ আহিছে ২৫ হাজাৰ লোক।
- প্ৰতিখন জিলাত কৰ’নাত আক্ৰান্ত ৰোগী পোৱা গৈছে।
- ভাৰতৰ ১৪ খন ৰাজ্য পৰা অহা লোকৰ শৰীৰত কৰ’না পোৱা গৈছে ৷
- বাছ আৰু ৰেলেৰে অহা লোকসকলৰ ক্ষ কৰ’নাত আক্ৰান্তৰ সংখ্যা বেছি ৷
- বিমানেৰে আহিছে ৬ হাজাৰ ৷
- এই পৰ্যন্ত অসমলৈ ২ লাখ ২৯ হাজাৰ আৰু ৮৯৩ জন লোক অসমলৈ আহিছে৷
- মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ পৰা লোকসকল কৰ’নাত বেছিকৈ আক্ৰান্ত হৈছে ৷
- এক লাখ ৪ হাজাৰ ৮৩ জনৰ শৰীৰত কৰ’নাৰ ভাইৰাছৰ পৰীক্ষা কৰা হৈছে ৷
- প্ৰায় লোকৰ শৰীৰত কৰ’নাৰ ভাইৰাছৰ অৱস্থিত ৷
- প্ৰতিদিনে ১০ হাজাৰ লোকৰ কৰ’নাৰ পৰীক্ষা কৰা হৈছে ৷
- ৪ হাজাৰ নমুনা বাহিৰলৈ পঠোৱা হৈছে ৷
- কৰ’নাত আক্ৰান্তৰ প্ৰসংগত হোজাই প্ৰথম,গোলাঘাট দ্বিতীয় আৰু তৃতীয় কামৰূপ ৷
- কৰ’নাত আক্ৰান্ত ২৪ জনৰ শৰীৰত নাই ভ্ৰমণৰ ইতিহাস ৷
- লক্ষণভেদে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰা হ’ব ৰোগী ৷
- গুৰুতৰ লক্ষণ দেখিলেহে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা হ’ব ৷
- ইফালে ১ জুনৰ পৰা আৰম্ভ হ’ব পঞ্চম পৰ্যায়ৰ তলাবন্ধ ৷ আনহাতে ৮ জুনৰ পৰা ৰাজ্যত বহু পৰিমাণে শিথিল হ’ব তলাবন্ধ ৷ অৱশ্যে কনটেইনমেন্ট জ’নসমূহত একেই থাকিব তলাবন্ধ ৷