ছয় জুনত মেট্ৰিকৰ ফলাফল ঘোষণা হ’লেও বিদ্যালয়ত উপলব্ধ নহয়

অহা ৬ জুনত ঘোষিত হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল । এইকথা সদৰী কৰে দেওবাৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ ব্যৱস্থাৰে এইবাৰ ফলাফল ঘোষণা কৰা নহয়। তাৰপৰিৱৰ্তে আৰু আনুষ‌ংগিক আন আন ব্যৱস্থাৰে সেইদিনা পুৱা ন বজাত প্ৰকাশ পাব ফলাফল । গতিকে, এইবাৰ পূৰ্বৰ দৰে বিদ্যালয়ত পৰীক্ষাৰ ফলাফল প্ৰকাশ নাপায়। পিডিএফ ৰ মাধ্যমেৰে ও ছাত্ৰ-ছাত্ৰীসকলে ফলাফল চাব পাৰিব বুলিও অসম মাধ্যমিক শিক্ষা পৰিষদৰ সূত্ৰই জানিবলৈ দিয়ে।

প্ৰসংগক্রমে শিক্ষা মন্ত্ৰীজনে উল্লেখ কৰে যে এইবাৰ উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তিও পূৰ্বৰ ব্যৱস্থাৰ পৰিৱৰ্তে অনলাইনৰ মাধ্যমেৰেহে হব। ইপিনে, দেওবাৰে এক সংবাদ মেলত মন্ত্ৰী ড° শর্মাই ৰাজ্যৰ শিক্ষা বিভাগে শ্রেণী সমূহ পৰ্যায়ক্ৰমে আৰম্ভ কৰিবলৈ আগবাঢ়িব বুলি সদৰী কৰে।তাৰ অংশ হিচাপে প্ৰথমতে দশম আৰু দ্বাদশ শ্ৰেণীসমূহ আৰম্ভ হ’ব । শ্ৰেণী আৰম্ভ কৰিব বিচৰাৰ পৰিপ্ৰেক্ষিতত কোৱাৰেন্টাইন কেন্দ্র স্থাপন কৰা শিক্ষানুষ্ঠান সমূহো লাহে লাহে খালি কৰা হ’ব বুলি তেওঁ জনায় । জুনতে চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান, বাণিজ্য আৰু বিত্তিমুখী শিক্ষাৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ’ব।

Exit mobile version