৩০ জুন পৰ্যন্ত বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ

Kamakhya Temple

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত আজিৰে পৰা দেশব্যাপী আৰম্ভ হ’ল পঞ্চম পৰ্যায়ৰ তলাবন্ধ ৷ অৱশ্যে এই সময়ছোৱাৰ ভিতৰতে পৰ্যায়ক্ৰমে শিথিল হ’ব তলাবন্ধৰ নীতি নিৰ্দেশনা ৷ তৎস্বত্বেও পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ দ্বাৰ মুকলি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে ৷ অহা ২২ জুনৰ পৰা আৰম্ভ হ’ব লগীয়া অম্বুবাচী মেলাক কেন্দ্ৰ কৰিয়ে মন্দিৰ পৰিচালনা সমিতিয়ে  এক জৰুৰী বৈঠকৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি কামাখ্যা মন্দিৰৰ লৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই কয় যে কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামৰ্শত যোৱা ২০ মাৰ্চৰ পৰা কামাখ্যা মন্দিৰত সাধাৰণ দৰ্শনাৰ্থীৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । এই বাধা এতিয়াও অব্যাহত আছে ৷ অৱশ্যে পঞ্চম পৰ্যায়ৰ তলাবন্ধ সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাৱলীৰ জৰিয়তে অহা আঠ জুনৰ পৰা মঠ-মন্দিৰ, মচজিদ, গিৰ্জাকে ধৰি সকলো ধৰণৰ উপাসনাস্থলী আৰু ধৰ্মীয় স্থানসমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

সেইফালৰ পৰা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ কোনো বাধা নাই । কিন্তু সমাগত অম্বুবাচী মেলাৰ সময়ত মন্দিৰ চৌহদত ব্যাপক ভিৰ হোৱাৰ আশংকাতে অহা ৩০ জুন পৰ্যন্ত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি নকৰাৰ বাবে পৰিচালনা সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইপিনে ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি এইবাৰ অনুষ্টুপীয়াকৈ অম্বুবাচীৰ ৰীতি নীতি পালন কৰা হ’ব। অৱশ্যে এইসকলোবোৰ সিদ্ধান্ত সেই সময়ৰ পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কয় কবিন্দ্ৰ প্ৰসাদ শৰ্মাই।

Exit mobile version