ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰনৰ পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন দাখিল

ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰনৰ পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন দাখিলৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মন্তব্যঃ

১.ক’ভিড১৯ৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে অসমৰ আৰ্থিক অৱস্থাক টনকিয়াল কৰাৰ বাবে বিগত সময়ত ৰাজ্যৰ জ্যেষ্ঠ অৰ্থনীতিবিদৰ স’তে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

২.আলোচনাৰ পিছত অৰ্থনীতিবিদসকলৰ পৰামৰ্শত উচ্চস্তৰীয় কমিতি গঠন।

৩.সুভাষ দাসৰ অধ্যক্ষতাত ২০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত।

৪.ইয়াৰ পিছতেই আজি উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দাখিল ।

৫.উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক পুংখানুপুংখভাৱে অধ্যয়ন কৰি বিভিন্ন বিভাগত কাৰ্যকৰী ৰূপ দিয়াৰ বাবে চৰকাৰে কমিটি গঠন কৰে ।

৬.ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হোৱা এই কমিটিয়ে আগন্তুক দিনত সকলো কাম সম্পন্ন কৰিব ৷

৭.ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই কমিটীত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰা ।

৮.তিনিমন্ত্ৰী বিভিন্ন বিভাগত কেনেদৰে কাম কৰিব সেই সন্দৰ্ভত তৈয়াৰ কৰিব ৰ’ডমেপ ৷

 

Exit mobile version