Bokakhat Road Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- তামুলপুৰত শনিবাৰে পুৱাই সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী বিহুৱতীৰ মৃত্যু খবৰে সকলোকে মিয়ম্ৰান কৰি তোলাৰ মাজতে বোকাখাতত দুপৰীয়া সংঘটিত আন এক ভয়ংকৰ দুৰ্ঘটনা৷ প্ৰাণ গ’ল তিনি যুৱকৰ। বোকাখাতৰ মেথনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা এখন বাইকে ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত থিতাতে মৃত্যু হয় তিনি বাইক আৰোহী ক্ৰমে লুকু দাস, দিগন্ত দাস আৰু লক্ষণ দাস । নিহত ৩ যুৱকৰ ঘৰ বোকাখাত পানবাৰীৰ আদৰ্শ গাঁৱত ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ তিনি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।
ADVERTISEMENT































