কৰ’না আক্ৰান্তৰ সপ্তম স্থানত ভাৰত

covid19

ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণে । বিগত ২৪ ঘন্টাত ৮৩৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি সোমবাৰে তথ্য সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। দেশত আক্ৰান্তৰ সংখ্যা বহুগুণে বৃদ্ধিৰ ফল ভাৰতে আক্রান্তৰ নিৰিখত বিশ্বৰ ভিতৰত একে কোবে নৱমৰ পৰা সপ্তম স্থানত দখল কৰিলে। আজি আনকি জাৰ্মানী আৰু ফ্ৰান্সক পিছ পেলালে ভাৰতে। শেহতীয়া তথ্য অনুসৰি আজি দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৯৯,১৭২ জন । অৰ্থাৎ দুই লক্ষ স্পৰ্শ কৰবলৈ ওলাইছে আক্ৰান্তৰ সংখ্যাই ।মহাৰাষ্ট্ৰত বিগত ২৪ঘণ্টাত ২,৪৮৭জন নতুনকৈ আক্ৰান্ত হৈছে। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা প্ৰায় ৬৯ হেজাৰ হৈছে। তামিলনাডুত ২৩হেজাৰৰো অধিক আক্ৰান্ত হৈছে । দিল্লীত ২০ সহস্ৰাধিক আৰু গুজৰাটত ১৬ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে সুস্থ হোৱাৰ হাৰো উন্নত। এই পৰ্য্যন্ত ৯৩ হেজাৰৰো অধিক লোক সুস্থ হৈ উঠিছে ।

জন হপকিন্স ইউনিভাৰ্চিটিৰ তথ্য অনুসৰি এইবাৰ মৃত্যুৰ নিৰিখত ৰাছিয়াকো পাছ পেলালে ভাৰতে।ইতিমধ্যে ভাৰতে মৃত্যুৰ সংখ্যাত চীনক পাছ পেলাইছিল। ভাৰতত বিগত ২৪ঘন্টাত এই পৰ্যন্ত সৰ্বাধিক ২৩০ জনৰ মৃত্যু হোৱা বুলি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে। ইপিনে, দিল্লীত পৰিস্থিতি ভয়াবহ হোৱা বাবে আগন্তুক এমাহৰ বাবে দিল্লীৰ সীমা বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে অৰবিন্দ কেজৰীৱাল চৰকাৰে । এই সংকটৰ সময়ত দিল্লীৰ হস্পাতাল সমূহ যাতে স্থানীয় লোকসকলৰ বাবে সংৰক্ষিত কৰি ৰাখিব পাৰি, তাৰবাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেজৰীৱালে কৰা মন্তব্যক লৈ প্ৰতিক্রিয়াসৃষ্টি হৈছে।অৱশ্যে সীমা বন্ধ থাকিলেও জৰুৰীকালীন সেৱাৰ সতে জড়িত লোক আৰু চৰকাৰৰ ধাৰা অনুমোদিত ই-পাছধাৰী সকলে সীমা পাৰ হৈ দিল্লীত প্ৰৱেশ কৰিব পাৰিব বুলি তেওঁ কয়। এক সংবাদ মেলত সোমবাৰে দুপৰীয়া বৈঠকত কেজৰীৱালে কয়, “দিল্লীৰ সীমা খুলি দিলেই সকলো দেশৰ মানুহ দিল্লীত চিকিৎসা কৰিবলৈ আহিব। কিন্তু এই মুহূৰ্তত দিল্লীৰ হাস্পতালসমূহ স্থানীয় লোকৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে।জৰুৰীকালীন সেৱা সমূহৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।

“সীমা খুলি দিয়া হব নে নাই তাকে লৈ দিল্লীৰ নাগৰিক সকলে মতামত জনাব বুলি উল্লেখ কৰি তেওঁ কয়, “সীমা খুলি দিয়া উচিত হব নে নহয় সেই সম্পৰ্কে দিল্লীৰ নাগৰিক সকলে মতামত প্ৰকাশ কৰিব।” ইয়াৰ বাবে এক ই-মেইল ঠিকনা দিয়া হৈছে, যাৰ জৰিয়তে দিল্লীবাসীয়ে মতামত প্ৰকাশ কৰিব পাৰিব।ইপিনে,পঞ্চম পৰ্যায় ৰ তলাবন্ধ ঘোষণা কৰিলেও যথেষ্ট পৰিমাণে শিথিলতা কৰা হৈছে।সেয়েহে সংক্ৰমণৰ হাৰ বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশিত হৈছে । বিশেষজ্ঞৰ মতে, ক’ভিড -১৯ভাইৰাছ যিদৰে প্ৰতিনিয়ত সংক্ৰমণৰ চৰিত্ৰ সলনি কৰিছে, সেই দিশলৈ চাই পৰিস্থিতি অধিক সংকটজনক হৈ উঠিছে । তলা বন্ধ শিথিল কৰাৰ ফলত অধিক দ্রুতভাৱে ই সংক্ৰমণ বিয়পিব পাৰে বুলি বিশেষজ্ঞই উদ্বেগ প্ৰকাশ কৰিছে । সেয়েহে পূৰ্বতকৈ সাৱধান আৰু সতৰ্কতাৰে থাকিবলৈ কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মন কৰিবলগীয়া যে দেশৰ ভিতৰতে ক’ভিড-১৯এ প্ৰৱেশ কৰিব পৰা নাই মিজোৰামত। একমাত্ৰ ৰাজ্যখনতে এতিয়ালৈ কোনো ক’ভিড ৰোগী নাই।

Exit mobile version