কৰিমগঞ্জত ভূমিস্খলনত মৃত্যু ৬ জনৰ,আহত ১০ জন

WhatsApp Image 2020 06 02 at 3.09.37 PM

কৰিমগঞ্জৰ কালিগঞ্জত সংঘটিত হল মৰ্মান্তিক ঘটনা। ভূমিস্খলনত মৃত্যু হয় একে পৰিয়ালৰ ৫ গৰাকী সদস্যৰ লগতে আন এটা পৰিয়ালৰ এগৰাকীৰ মুঠ ৬ জনৰ। ঘটনা কৰিমগঞ্জৰ কালিগঞ্জ থানা এলাকাৰ ৰহিমপুৰ গাঁওৰ। কে’বাদিন ধৰি দিয়া ধাৰাসাৰ বৰষুণৰ ফলত মাটি খহি এই ঘটনা সংঘটিত হৈছে। মৃত লোকসকলৰ নাম আজিৰ উদ্দিন, ৰাজিয়া বেগম, আফতাৰ হুছেইন, আনুৱাৰ উদ্দিন, তাহেৰা বেগম আৰু জয়নব বেগম। মৃতকৰ মাজত তিনিগৰাকী শিশুসহ এগৰাকী মহিলাও আছে। ঘটনাৰ পাছত স্থানীয় ৰাইজে মাটি খান্দি মৃতদেহ উদ্ধাৰ কৰে এক্সিভেটৰৰ জৰিয়তে।

ইয়াৰ পিছত ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফ আৰু সদৰ থানাৰ আৰক্ষী। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পাতাললৈ মৃতদেহ কেইটা প্ৰেৰণ কৰে। উদ্ধাৰ কৰিবলৈ যাওঁতে আহত হৈছে প্ৰায় দহ গৰাকী লোক। ইপিনে দুখনকৈ ঘৰ মাটিৰ তলত সোমাই যোৱাৰ লগতে দুটাকৈ গৃহপালিত জন্তুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পুৱতি নিশা সংঘটিত হোৱা ঘটনাটোত ৫ গৰাকী সদস্য নিদ্ৰাৰত অৱস্থাত থকাৰ ফলত নিজক ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। উক্ত ঘটনাক লৈ এতিয়া অঞ্চলটোত শোকৰ ছাঁ নামিছে ।

ইপিনে কাছাৰৰ জয়পুৰতো সংঘটিত হ’ল ভয়াবহ ভূমিস্খলন ৷ এতিয়ালৈকে 7 টাকৈ মৃতদেহ উদ্ধাৰ ৷ পুৱতি নিশা জয়পুৰৰ কলাৰপাৰত সংঘটিত হৈছে ঘটনাটো ৷ ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰত আৰু কেইবাটাও বাসগৃহৰ ওপৰত ভূমিস্খলন ঘটিছে ৷ প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে দুগৰাকী মহিলাসহ ৭জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰোপৰি মাটিৰ তলত আৰু মৃতদেহ থকাৰ সন্দেহ কৰা হৈছে ৷ উদ্ধাৰ হোৱা মৃত ব্যক্তি কেইজন তাজিম উদ্দিন লস্কৰ (45), আলিয়া বেগম (20) আলম উদ্দিন (18) আৰিফ উদ্দিন (17) আমোনা বেগম (14)ছুমনা বেগম(12)ৰেহিম উদ্দিন(8)।

Exit mobile version