তামুলপুৰ কোৱাৰেন্টাইন কেন্দ্ৰত থাকি অহা যুৱকৰ গৃহ আগমনক লৈ অঘটন

PicsArt 06 02 08.26.18

ক’ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধ যুদ্ধৰ অক্লান্ত শ্ৰমিক হিচাপে দিনে নিশাই যুঁজত অৱৰ্তীণ হৈ আছে চিকিৎসক, চিকিৎসা কৰ্মী তথা আৰক্ষীৰ লোকসকল ৷ তাৰ মাজতে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওডালগুৰি গাঁৱত নিশা এগৰাকী উদণ্ড যুৱকৰ আক্ৰমণত তামুলপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ কুমাৰ দাস আৰু গাড়ী চালক গৃহৰক্ষী বাহিনীৰ জোৱান বিশ্ব দাস গুৰুতৰভাৱে আহত হয় । তামুলপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক অসীম বৰাই সদৰী কৰা মতে নিশা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওডালগুৰি গাঁৱৰ বুধাং বড়ো নামৰ লোক জনক কোকোৰাঝাৰ কোৱাৰেন্টাইন কেন্দ্ৰত ১৪ দিন কটোৱাৰ অন্তত নিজ ঘৰলৈ স্বাস্থ্য বিভাগে পঠাইছিল ৷ লোকজন গাঁৱত আহি পোৱাৰ পিছত গাঁৱবাসীয়ে ভয় আৰু শংকাত লোকজনক নিজ গৃহত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল ।

ইয়াৰ পিছত নিশা প্ৰায় ১০-৩০ মান বজাত তামুল আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ কুমাৰ দাস ওডালগুৰি গাঁৱত উপস্থিত হয় । মনোজ কুমাক দাস উপস্থিত হৈ স্থানীয় গাঁওবুঢ়াৰ উপস্থিতত গাঁওবাসীৰ লগত আলোচনা কৰি লোকজনক ঘৰৰ ভিতৰত প্ৰবেশৰ ব্যৱস্থা কৰি দিয়াৰ সময়তে গাঁওখনেৰে সৌদোমচাৰ বড়ো নামৰ এজন যুৱকে গোটেই ঘটনাটো মোবাইল ফোনত ৰেকৰ্ডিং কৰে । আৰক্ষীয়ে যুৱকজনক ৰেকৰ্ডিং কৰাত বাধা দিয়াত সৌদামচাৰে তেওঁৰ হাতত থকা হেলমেটেৰে আৰক্ষী বিষয়া মনোজ কুমাৰ দাসক উপযুপৰি প্ৰহাৰ কৰিবলৈ ধৰে ৷

সৌদামচাৰে আৰক্ষী বিষয়াজনক আক্ৰমণ কৰাৰ উপৰি গাড়ী চালক শশী মোহন বিশ্বাসকো প্ৰহাৰ কৰে ।লগতে যুৱকজনে গাঁৱৰ গাঁওবুঢ়াজনকো আক্ৰমণ কৰে ৷ আনহাতে, তামুলপুৰ চিকিৎসকে গুৰুতৰ বাবে আহত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসক নিশাৰ ভাগতেই উত্তৰ গুৱাহাটীস্থিত নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰায় । ঘটনা সংঘটিত কৰাৰ পিছত সৌদামচাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আজি দিনৰ ভাগত তেওঁ তামুলপুৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে । তামুলপুৰ আৰক্ষীয়ে সৌদোমচাৰৰ বিৰুদ্ধে ইতিমধ্যে তামুলপুৰ আৰক্ষীথানাত এক গোচৰ ৰজু কৰিছে ।

Exit mobile version