কৰ’নাতংককো তুচ্ছজ্ঞান কৰি পিপিই কিটৰ পৰা ওলাল মাতৃ

Nurse

মাতৃৰ স্নেহে আন একো নুবুজে । সন্তানক বুকুৰ অমৃত পান কৰোৱাটো কিমান তৃপ্তিদায়ক এগৰাকী মাতৃয়েহে উপলব্ধি কৰিব পাৰে । মাত্ৰ তিনি-চাৰি ঘণ্টাৰ পূৰ্বে পৃথিৱীলৈ অহা এটি সদ্যোজাতৰ ক্ষুধা নিবাৰণৰ বাবে এইগৰাকী নাৰ্ছে পৰিধান কৰা পিপিই কিট খুলি থৈ স্তনপান কৰোৱাৰ মৰ্মস্পৰ্শী ঘটনাই সম্প্ৰতি সকলোকে মুগ্ধ কৰিছে । সন্তান জন্মৰ পাছত স্তনৰ পৰা গাখীৰ নিঃসৰণ নোহোৱাৰ বাবে সদ্যোজাত সন্তানক স্তনপান কৰাব পৰা নাছিল প্ৰসূতি কক্ষত ভৰ্তি হৈ থকা এগৰাকী মহিলাই ।

ইফালে গাখীৰ নোপোৱাত চিৎকাৰ কৰি কান্দি আছে তিনি ঘণ্টাৰ পূৰ্বে জন্ম হোৱা শিশুটিয়ে । মাতৃৰ অসহায়তা আৰু নৱজাতকৰ অৱস্থা প্ৰত্যক্ষ কৰি হাত সাৱটি বহি থাকিব নোৱাৰিলে আন এগৰাকী মাতৃয়ে । শিশুটিক কোলাত তুলি নিজৰ স্তনপান কৰোৱাই কান্দোন বন্ধ কৰালে কলকাতাৰ আৰ জি কৰ হাস্পতালৰ নাৰ্ছ উমা অধিকাৰীয়ে । ৰোগীৰ সেৱাই তেওঁৰ ধৰ্ম । কৰ’নাৰ পৰিৱেশত নানা প্ৰতিকূলতাক নেওচি নিজৰ ধৰ্ম পালন কৰি আছে উমাই । কিন্ত তেওঁ কেৱল নাৰ্ছেই নহয়, এগৰাকী মাতৃও । নিজৰ চাৰে আঠমহীয়া পুত্ৰ সন্তানক ঘৰত থৈ সেইদিনা উমাই হাস্পতালত নৈশ কৰ্তব্যত নিয়োজিত হৈ আছিল । কৰ’নাৰ সতৰ্কতামূলক ব্যৱস্থাৰূপে পিন্ধনত আছিল পিপিই কিট ।

তেতিয়াই উমাই প্ৰত্যক্ষ কৰে যে এটি মৰমলগা কন্যাশিশু জন্ম দিয়া সদ্যমাতৃগৰাকী কিছু অসহায় অৱস্থাত পৰিছে । প্ৰসৱৰ তিনি ঘণ্টাৰ পাছতো তেওঁৰ স্তনৰ পৰা গাখীৰ নিঃসৰণ হোৱা নাছিল । ফলত ভোকত কাতৰ হৈছিল সদ্যোজাত শিশুটি । সচৰাচৰ এনে পৰিস্থিতিত এগৰাকী মাতৃয়ে মাদাৰ-বেবী চেণ্টাৰৰ শৰণাপন্ন হয় । কিন্ত কৰ’না আৰু তলাবন্ধৰ পৰিস্থিতিত সেইবোৰ পাবলৈকে নাই । এনে পৰিস্থিতিত প্ৰায়ে প্ৰসূতি কক্ষত থকা আন প্ৰসূতিসকলে স্তনপান কৰাবলৈ আগবাঢ়ি আহিছে । কিন্ত কৰ’নাই আতংকই সকলোকে এনেদৰে গ্ৰাস কৰিছে যে কক্ষটোত থকা আন কোনো সদ্য মাতৃয়ে শিশুটিক স্তনপান কৰাবলৈ সাহস গোটাব পৰা নাছিল ।

সদ্যোজাতৰ কষ্ট সহ্য কৰিব নোৱাৰি উমাই কৰ’নাতংককো তুচ্ছজ্ঞান কৰি নিজৰ কোলাত তুলি লয় । দুবাৰ স্তনপান কৰোৱাৰ পাছতহে নৱজাতক ক্ৰন্দন বন্ধ হয় । নাৰ্ছ গৰাকীয়ে জনায় যে স্তনপান কৰাই থকাৰ পাছতে ঘৰৰ পৰা ফোন আহিছিল । কিন্ত তেওঁ ফোন ধৰিব নোৱাৰিলে । নাৰ্ছ গৰাকীয়ে কয়, ‘নিশা আঠ মাহৰ ল’ৰাটোৱে শুবলৈ যোৱাৰ পূৰ্বে ভিডিঅ’ কলত এবাৰ মোৰ মুখখন চায় । সেয়ে স্বামীয়ে ফোন কৰিছিল।স্বামীক জনালো যে মই স্তনপান কৰোৱাত ব্যস্ত আছো । কথা শুনি স্বামীয়ে প্ৰথমে কিছু ভয় খাইছিল ।কিয়নো মই ঘৰলৈ উভতি যোৱাৰ পাছত নিজৰ সন্তানক স্তনপান কৰাব লাগে।’ নাৰ্ছ গৰাকীৰ এই মমতা আৰু সাহসক তেওঁৰ সহকৰ্মী আৰু বন্ধু-বান্ধৱসকলে যথেষ্ট প্ৰশংসা কৰিছে ।

Exit mobile version