তলাবন্ধত এইবাৰ বামপন্থীৰ আধুনিক ৰূপ

WhatsApp Image 2020 06 03 at 7.48.38 PM

যুগৰ সতে আগবাঢ়ি নোযোৱাৰ অভিযোগত বাৰে বাৰে সমালোচনাৰ সন্মুখিনি হৈছে বাওঁ দল। বিশ্বায়ন, কৰ্প’ৰেট জগত আদিৰ ঘোৰ বিৰোধী বাওঁ শিবিৰত অৱশ্যে তলাবন্ধ পাকচক্ৰত একপ্ৰকাৰৰ প্ৰযুক্তিগত বিপ্লৱ সাধন হ’ল। এই বিপ্লৱ হৈছে ভিডিঅ’ স্ক্ৰীণৰ সন্মুখত বহি অনলাইনত গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন।এই বৈঠকত অংশ ল’লে দেশৰ বাওঁ শিবিৰৰ কে’বাজনো কাণ্ডাৰীয়ে।

এওঁলোকৰ ভিতৰত এই বৈঠকত অংশ ললে আগৰতলাত বহি মাণিক সৰকাৰ, তিৰোৱন্তপুৰমৰ পৰা পিনাৰায় বিজয়ন আৰু কাডিয়াৰী বালকৃষ্ণণ তথা হায়দৰাবাদত বি ভি ৰাঘ বুলোভ, কানপুৰত সুহাষিনী আলি তদুপৰি কলকাতাত আছিল সূৰ্যকান্ত মিশ্ৰ আৰু মহম্মদ চেলিম, দিল্লীত সীতাৰাম য়েশোৰী আৰু প্ৰকাশ কাৰাট । নিজ নিজ চহৰ-নগৰৰ পৰাই আজি তেওঁলোক সকলোৱে মিলিত হল চি পি এমৰ পলিটব্যুৰ’ৰ বৈঠকত।

ইয়াৰ মাধ্যম আছিল ভিডিঅ কণফাৰেন্সিং । ভুৰখা মহলৰ মতে কমিউনিষ্ট পাৰ্টিৰ আভ্যন্তৰীণ ইতিহাসত ইয়াক সৰু সুৰা বিপ্লৱ বুলিয়ে ক’ব পাৰি। তলাবন্ধৰ পৰিস্থিতিত সমগ্ৰ কৰ্প’ৰেট জগত আৰু আন বিভিন্ন ক্ষেত্ৰৰ ভৰসা অনলাইনৰ যোগাযোগ। এই পৰিস্থিতিত এনে প্ৰযুক্তিৰ আশ্ৰয় লয় দেশৰ আগশাৰীৰ বাওঁপন্থী নেতৃত্বই। এই পলিটব্যুৰ’ৰ বৈঠকত প্ৰথমে পৰিকল্পনাহীন তলাবন্ধ প্ৰৱজিত, শ্ৰমিকৰ দুৰ্দশা আৰু তাৰ পিছত আৰ্থিক পেকেজৰ নামত প্ৰৱঞ্চনা, তলা বন্ধৰ সুযোগ লৈ শ্ৰম আইনৰ পৰা বিদ্যুৎ আইন পর্যন্ত সংশোধন কৰাৰ চৰকাৰী প্ৰচেষ্টাৰ বিষয়ে আলোচনা হয়।

কেৰেলাত বিজয়ন চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপুতিত দলৰ আভ্যন্তৰীণ প্ৰতিবেদন আলোচিত হয়। অৱশ্যে এই বৈঠকত কি আলোচনা হ’ল সেয়া আজি চর্চাৰ বিষয় নহয়, বৈঠকৰ পদ্ধতিহে চর্চা বিষয় হৈছে। প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত কম্পিউটাৰ বিৰোধী আন্দোলনত সন্মুখৰ শাৰীত থিয় দিছিল কমিউনিষ্ট পাৰ্টিয়ে ।

অৱশ্যে তেওঁলোকে ক’ব খোজে যে এই আন্দোলন কম্পিউটাৰ প্ৰচলনৰ বিৰূদ্ধে নাছিল, কৰ্মচাৰী সংকোচনৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰিছিল। সেয়া এক বৃহৎ বিতৰ্কৰ বিষয়। ইতিমধ্যে তাৰ ওপৰেৰে বহু পানী বৈ গল। এই তলাবন্ধ ৰাজ্য সমূহৰ সম্পাদক মণ্ডলীৰ বৈঠকৰ সাপ্তাহিক প্ৰচলিত ব্যৱস্থা সলনি কৰি হোৱাটছএপ গ্ৰুপতে হৈছে। চি পি এমৰ ৰাজ্যিক কমিটিৰ সাম্প্ৰতিক বৈঠক একেদৰে হোৱাটছএপত হৈছে। পশ্চিম বংগত দলৰ সূৰ্যকান্ত মিশ্রৰ সম্পাদনাত তাত্বিক মুখপত্ৰ ‘মাৰ্ক্সবাদী পথ’ৰ বিশেষ ‘পাণ্ডেমিক’সংখ্যা সোমাবাৰে প্ৰকাশিত হৈছে অনলাইন সংস্কৰণত। সেয়াও এক নতুন ইতিহাস।

এই কথাও চর্চা হৈছে যে য়েচুৰি, সূৰ্যকান্ত মিশ্ৰ বহুদিন ধৰি প্ৰযুক্তিত অভ্যস্ত।তেনে হ’লে অৱশ্যে দলৰ ব্যৱহাৰিক কাঠামোত প্ৰযুক্তিৰ ব্যৱহাৰ পৰিচিত কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছে।এতিয়া এনে এক সময় সমূচিত হ’ল, য’ত প্ৰযুক্তিৰ বাহিৰে বিকল্প হৈছে। যশোৰী কথাত ক’বলৈ গলে, “ছোনিয়া গান্ধীৰ আহ্বানত বিৰোধী দলৰ বৈঠকত অনলাইনত হৈছে। এতিয়া ভিন্ন পথ খোলা নাই।’ মাণিক সৰকাৰৰ মতে, নতুন বহু কথা শিকি অভিজ্ঞতা সঞ্চয় হৈছে। ইয়াৰ লগতে অৱশ্যে তেওঁলোকে কয় যে দেশৰ বৃহৎসংখ্যক মানুহৰ হাতত এতিয়াও অনলাইনৰ যোগাযোগ উপলব্ধ নহয়। সেয়েহে ‘ডিজিটেল বিভেদ’ৰ বিৰূদ্ধে দলৰ আন্দোলন চলি আছে আৰু চলি থাকিব।

Exit mobile version