তিনি পৰিভ্ৰমী শ্ৰমিকক ঘৰলৈ উভতিবলৈ নয়দাৰ কিশোৰীয়ে ৪৮ হেজাৰেৰে ক্ৰয় কৰি দিলে বিমানৰ টিকট

Niharika migrants

পৰিভ্ৰমী শ্ৰমিকে আপোন ঘৰখন উপস্থিত হ’ব পৰাকৈ নিজ সন্চয়ৰ পৰা ৪৮ হেজাৰ টকা প্ৰদান কৰিছে নয়দাৰ এক কিশোৰীয়ে । উত্তৰ প্ৰদেশৰ বানিজ্য নগৰীখনৰ ১২ বছৰীয়া কিশোৰীগৰাকীৰ নাম নীহাৰিকা দ্বিবেদী । নীহাৰিকাই নিজ সন্চয়ৰ ধনেৰে তিনি শ্ৰমিকক উত্তৰ প্ৰদেশৰ পৰা ঝাৰখণ্ডলৈ প্ৰেৰণ কৰে। তিনিও শ্ৰমিকে বিমানযোগে উপস্থিত হয়গৈ আপোন ঘৰখনত। এনে কাৰ্যৰ বাবে নিহাৰিকাক ‘চালাম’ জনাইছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। বয়সত যথেষ্ট কনিষ্ঠ হলেও এই কম বয়সতে সকলোকে সাহাৰ্য্য কৰাৰ এটি সপোনে বাহ লৈছিল নীহাৰিকাৰ মনত। সেয়েহে তিনিজনকৈ শ্ৰমিকক বিমানৰ টিকট ক্ৰয় কৰি দিবলৈকো দ্বিধাবোধ নকৰিলে বৰ্তমান অষ্টম শ্ৰেণীত অধ্যয়নৰত এই কণমানিগৰাকীয়ে।

পৰিভ্ৰমী লোক সম্পৰ্কে কোনো ধৰণৰ জ্ঞান নথকা নীহাৰিকাই এবাৰ-দুবাৰহে এই বিষয়ে পঢ়িছে। কিন্তু পৰিভ্ৰমী শ্ৰমিক বুলিলে প্ৰকৃতাৰ্থত কাক বুজাই সেই সম্পৰ্কে কোনো স্পষ্ট জ্ঞান নাই নীহাৰিকাৰ। অৱশ্যে এই বিষয়ে এটা কথাই বুজি পায়, সেয়া হ’ল সম্প্ৰতি বহু মানুহ আপুন ঘৰখনৰ পৰা বহু দূৰৈত অাছে । এনে ধৰণৰ বহু লোক নয়দাতে আছে। জেষ্ঠসকলে এই বিষয়ে কৰা আলোচনাৰ পৰা অন্ততঃ এটা কথা বুজিব পাৰিছে নীহাৰিকাই। সেয়া হ’ল ঘৰৰ পৰা দূৰত থকা সকলৰো পৰিয়াল অাছে।  ঘৰত থকা সকলে বাহিৰত থকা পিতৃৰ বাবে অপেক্ষা কৰি আছে। কিন্তু যাতায়ত তথা ধনৰ অভাৱত এইসকলে ঘৰলৈ উভতিবলৈ সক্ষম হোৱা নাই। এনে লোকসকলক সহায়ৰো প্ৰয়োজন আছে ।

এনেদৰেই চিন্তা কৰি নীহাৰিকাই তিনিজন শ্ৰমিকক ঘৰলৈ উভতি যাব পৰাকৈ ৪৮ হেজাৰ টকাৰে বিমানৰ টিকট কৰি দিয়ে। নিহাৰিকাৰ মতে,’ সমাজে আমাক বহু দিলে। এতিয়া ইয়াৰে পৰা কিছু ওভতাই দিয়াৰ সময় হৈছে।’ নিহাৰিকাৰ ধনেৰে ঘৰলৈ ওভতাসকলৰ ভিতৰত এজন লোক কৰ্কট ৰোগত আক্ৰান্ত । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে নীহাৰিকাৰ পৰোপকাৰীতাৰ গুণত মুগ্ধ হোৱাৰ লগতে কিশোৰীগৰাকীৰ উজ্জল ভৱিষ্যৎ কামনা কৰে।

Exit mobile version