ফুটুকাৰ ফেন হল ৩১মে’ৰ সময়সীমা

PTI30 05 2020 000105B

PTI30-05-2020_000105B

অসমত সম্প্রতি বাৰিষাৰ ভৰপক বতৰ।প্ৰথমটো বানে ইতিমধ্যে কমেও ১৪ খন জি লাৰ তিনি লক্ষাধিক লোকক জুৰুলা কৰিছে।বহু ঠাইত পানী শুকালেও জলমগ্ন হৈ আছে বহু অঞ্চল।বানত কে’বাজনো লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও ২৫ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য, শাক পাচলি নষ্ট হয়। বাৰিষাৰ আৰম্ভণি পৰ্যায়তে সৃষ্টি হোৱা এই পৰিস্থিতিৰ কাৰণ হ’ল বান প্ৰতিৰোধী সকলো কাৰ্যসূচী কেৱল চৰকাৰী শ্ল’গানতে আবদ্ধ থাকিল। পূৰ্বৰ চৰকাৰবোৰৰ পদানুসৰণ কৰি ৰাইজক কেৱল সপোন দেখুওৱাতহে অগ্ৰাধিকাৰ দিয়া বৰ্তমানৰ চৰকাৰখনে শ্ল’গানৰ সমান্তৰালকৈ হাতে-কামে সেইবোৰ ৰূপায়ণ নকৰাত সাধাৰণ জনতাৰ নগুৰ-নাকতি বাঢ়িছে। চলিত বান তাৰ জলন্ত উদাহৰণ। অথচ বান প্ৰতিৰোধৰ বাবে দিছপুৰৰ মিত্ৰজোট চৰকাৰে যোৱা চাৰি বছৰে সময়মতে ইয়াৰ ব্যৱস্থা গঢ়ি তোলাৰ আশ্বাস দি আহিছিল ।

এইবাৰ আনকি চিৰস্থায়ী আৰু অধিক শক্তিশালী কামৰ বাবে সৰহভাগ মথাউৰি গাড়ী চলিব পৰা ৰাস্তাৰ উপযোগীকৈ নিৰ্মাণৰ ঘোষণা কৰা হৈছিল, কিন্তু সঠিক পৰিকল্পনাৰ অভাৱত ব্যৱস্থাটোত মাধমাৰ পৰে। তাতোকৈও গুৰুত্বপূৰ্ণ দিশটো হ’ল যে অসমত কোনো কালেই বানৰ সন্মুখীন হ’বা পৰাকৈ ব্যৱস্থাবোৰ আগতীয়াকৈ গঢ়ি তোলা নহয়। এছ ডি আৰ এফৰ অধীনত ধেমাজিৰ জিয়াধল নদীৰ এখন আঁচনিৰ বাদে আন কোনো কামেই হোৱা নাই। নাবাৰ্ডৰো ২৩ খন আঁচনিৰ কাম আৰম্ভ নহ’ল। ইয়াৰ অজুহাত হিচাপে ক’ভিড-১৯ ৰ বাবে ঘোষণা কৰা তলাবন্ধক বিভাগটোৱে তথা চৰকাৰখনে দাঙি ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

অথচ অসমৰ বান সমস্যাটোৰ বাবে যোৱা এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ পৰাই সামাজিক দূৰত্ব ৰক্ষা কৰি বান প্ৰতিৰোধী ব্যৱস্থাবোৰৰ কাম কৰাৰ অনুমতি দিয়া হৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত কাম আৰম্ভ হোৱাটো বাদেই নিবিদাও প্ৰকাশ কৰাত জলসম্পদ বিভাগ ব্যৰ্থ হয়। ইয়াৰ ফলত বিগত বৰ্ষত বানে ছিঙি পেলোৱা মথাউৰিকে ধৰি বিভিন্ন স্থানসমূহ উন্মুক্ত হৈ ৰয়। সেইবোৰ দিশেৰে পানী সোমাই বছৰৰ প্ৰথমটো বানতে ৰাইজৰ অৱস্থা কাহিল হৈ পৰে। এই অৱস্থাই অক্টোবৰৰ পৰাই চৰকাৰে বান প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলাৰ ঘোষণাবোৰৰো তথাকথিত ৰূপ উদঙাই দিয়ে।

এছ ডি আৰ এফ অাৰু নাবাৰ্ডতকৈয়ো এইবাৰ এছ অ’ পি-এফ ডি আৰ আঁচনিখনৰ চৰ্চ্চা সৰ্বাধিক হৈ আহিছিল। উল্লেখ যে এছ অ’ পি ডি এফ ডি আৰৰ অধীনত এইবাৰ ৰাজ্যৰ ৪৮ টা মথাউৰি স্হায়ীভাৱে নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হয়। এই মথাউৰিবোৰ স্হায়ী কৰাৰ বাবে সেইবোৰ যানবাহন চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা আঁচনি লৈ বিও বিভাগে ছশ কোটি টকা মোকলাই দিয়ে। এনে অভিলাষী আঁচনিখন কায্যৰ্কৰী কৰাৰ বাবে কেতবোৰ বিশেষ চৰ্তও ধাৰ্য কৰা হয়। উপ ঠিকা নিদিয়াকৈ এজন ঠিকাদাৰেই আবণ্টন পোৱা কাম সম্পূৰ্ণ কৰা, কামৰ দায়িত্ব পাবলৈ ঠিকাদাৰজনৰ নিজা আন্তঃগাঁথনি থকা আদি হল প্ৰধান চৰ্ত। কিন্তু জলসম্পদ বিভাগৰ ঠিকাদাৰসকল তেনে কোনো আন্তঃগাঁথনিৰে সবল নহয়, যাৰ বাবে বিভাগটোৰ সদায় কাম কৰি অহা ঠিকাদাৰসকলে এই আঁচনিখনৰ অধিনত ঠিকা পাবলৈ সক্ষম নহয়, যাৰ বাবে বিভাগটোৰ সদায় কাম কৰি অহা ঠিকাদাৰসকলে এই আঁচনিখনৰ অধীনত ঠিকা পাবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে যোৱা ৩১ মে’ৰ ভিতৰত সকলো মথাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগক নিৰ্দেশ দিছিল, কিন্তু মুখ্যমন্ত্ৰীৰ আন আন নিৰ্দেশবোৰ যিদৰে সময় অনুসৰি বাস্তৱত কাৰ্যকৰী নহয়, ঠিক সেইদৰে জলসম্পদক দিয়া নিৰ্দেশটো কেৱল চৰকাৰী ফাইলতহে আবদ্ধ হৈ থাকিল। এছ ডি আৰ এফ আৰু নাবাৰ্ডৰ আঁচনিৰ কাম কাৰ্যত এই পর্যন্ত আৰম্ভ নহ’ল।

Exit mobile version