মৰ্মান্তিকঃ বানে নষ্ট কৰি থৈ যোৱা ধাননিৰ দৃশ্য প্ৰত্যক্ষ কৰি পথাৰতে হৃদযন্ত্ৰ বন্ধ হৈ কৰুণ মৃত্যু কৃষকৰ

IMG 20200603 WA0040

ভয়াবহ কৰ’না ভাইৰাছৰ সন্ত্ৰাসত সমগ্ৰ দেশ তথা ৰাজ্যবাসী এস্তমান হৈ থকাৰ সময়তে  কামৰূপ জিলাৰ বকো পশ্চিম ছমৰীয়াৰ বঠিয়ামাৰীত আজি সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ বানে নষ্ট কৰি থৈ যোৱা নিজৰ ধাননি পথাৰ প্ৰত্যক্ষ কৰি পথাৰৰ মাজতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অতি কৰুণভাৱে মৃত্যুক আকোৱালি লয় এজন কৃষকে ৷ ৰাজ্যৰ বাবে নজিৰবিহীন এই মৰ্মান্তিক ঘটনাটোৱে হৃদয় চুই গৈছে সৰ্বস্তৰৰ লোকৰ ৷ মূৰৰ ঘাম মাটিত পেলাই পকেটৰ সমস্ত ধন খৰচ কৰি দিন ৰাতিৰ পৰিশ্ৰমৰ জৰিয়তে কৰা ইৰিধান খেতি নষ্ট হৈ যোৱা দৃশ্য সহ্য কৰিব নোৱাৰি মৃত্যু হোৱা কৃষকজন বকো আৰক্ষী থানাৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বঠিয়ামাৰী গাঁৱৰ প্ৰয়াত মমিৰ আলীৰ পুত্ৰ ওমৰ আলী (৪৩) বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু মেঘালয়ৰ ঢলে সৃষ্টি কৰা ভয়াবহ আবতৰীয়া বানে বকোৰ বিভিন্ন অঞ্চলৰ কৃষকৰ হাজাৰ হাজাৰ হেক্টৰ পকিবলৈ ধৰা আৰু আধা পকা ধাননি পথাৰৰ লগতে বঠিয়ামাৰীৰো শতাধিক বিঘা ইৰিধান এই বানত ডুব গৈছিল ৷ ইফালে, পানী কিছু কমি অহা অৱস্থাত এই বানে ধোৱা পথাৰৰ ধাননি চাবলৈ আজি পথাৰলৈ যায় ওমৰ আলী ৷ পিচে, বছৰটোৰ বাবে জীৱাই থকাৰ সম্বল নিজৰ ধাননি পথাৰ চকুৰ আগতে বানপানীয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ যোৱাৰ দৃশ্য সহ্য কৰিব নোৱাৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পথাৰতে মূৰ্চা যায় ওমৰ আলী ৷ মূৰ্চা যোৱাৰ পূৰ্বে কৰুণ বেদনাৰে ওমৰে কৰা চিঞৰ বাখৰত ওচৰৰ পৰা তেওঁৰ সম্পৰ্কীয় ভাতৃ নাও লৈ আহি ওচৰৰ এঘৰত ওমৰক লৈ যায় যদিও তাতেই কৰুণভাৱে মৃত্যুক আকোৱালি লয় ৷

অতি দূৰ্ভাগ্যজনক এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ৷ ইফালে, নিজৰ ধাননি পথাৰৰ দূৰৱস্থা সহ্য কৰিব নোৱাৰি এনেদৰে কৃষকৰ মৃত্যু হোৱা ঘটনা অতি মৰ্মান্তিক বুলি আখ্যায়িত কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মালিবাৰী পথাৰ আঞ্চলিক সমিতিৰ সভাপতি শ্বাহ আলম আহমেদে কৃষক গৰাকীৰ মৃত্যুৰ ক্ষতি পূৰণ হিচাবে অসম চৰকাৰৰ ওচৰত ২০ লাখ টকা দাবী কৰে ৷

Exit mobile version