কৰ’নাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ দুই সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত নহয়

general elections 2019 g 660 102219031127

সাম্প্ৰতিক কৰ’না পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো ৰঙাপাৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ধাৰ্য কৰিবলৈ সক্ষম হোৱা নাই দেশৰ নিৰ্বাচন আয়োগে ৷ ফলত অসম বিধানসভাৰ ২০২১ ত অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ নিৰ্বাচন পৰ্যন্ত ৰাজ্যৰ দুটাকৈ বিধানসভা সমষ্টি খালী হৈ থকাৰ সম্ভাৱনাই প্ৰবল ৷ সচিবালয়ৰ এক সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, প্ৰচলিত বিধি অনুসৰি যিকোনো সমষ্টিৰ আসন খালী হোৱাৰ পৰা ছমাহৰ ভিতৰত উপ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । বিগত বৰ্ষত অনুষ্ঠিত উপ নিৰ্বাচনৰ জৰিয়তে ৰঙাপাৰা বিধানসভালৈ নিৰ্বাচিত হোৱা ৰাজেন বৰঠাকুৰে যোৱা ১০ ডিচেম্বৰত হঠাতে অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লয়। বিজেপি বিধায়ক বৰঠাকুৰৰ মৃত্যুৰ পাছৰে পৰা খালী হৈ আছে ৰঙাপাৰা বিধান সভা সমষ্টিৰ আসনখন ।

সংশ্লিষ্ট আসনখন খালী হোৱাৰ ছমাহ সম্পূৰ্ণ হ’ব অহা ১০ জুনত ৷ অথচ এই পৰ্যন্ত সংশ্লিষ্ট আসনখনৰ বাবে নিৰ্বাচন আয়োগে ধাৰ্য কৰা নাই উপ নিৰ্বাচনৰ দিন ৷ উল্লেখযোগ্য যে পৰিস্থিতিগত কাৰণত উপ নিৰ্বাচন অনুষ্ঠিত নকৰাৰো বিধান আছে প্ৰচলিত বিধিত। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি সূত্ৰটোৱে জনায় । ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব পৰাকৈ পৰিস্থিতি হ’বলৈ বহু সময়ৰ প্ৰয়োজন হ’ব। লগতে ২০২১ ৰ ১৬ মে’ৰ পূৰ্বে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন ৷ এনেবোৰ কাৰণতে ৰঙাপাৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ক্ষীণ বুলি সূতটোৱে জনায় ।

Exit mobile version