জাহ্নৱী কাপুৰৰ স’তে প্ৰেমৰ সম্পৰ্ক কাৰ্তিক আয়ানৰ

jpg

মায়ানগৰী মুম্বাইৰ বলীউড জগতখনৰ কথাই সুকীয়া ৷ সেয়া ব্যৱসায় ক্ষেত্ৰতে হওক বা প্ৰেম,বিবাহৰ ক্ষেত্ৰতে হওক ৷ কাৰণ বিগত সময়ত বলীউডৰ অভিনেতা কাৰ্তিক আয়ানৰ নাম সাৰা আলি খান আৰু অনন্যা পাণ্ডেৰ লগত সাঙুৰ খাইছিল । সম্প্ৰতি কাৰ্তিকৰ নাম জড়িত হৈ পৰিছে জাহ্নৱী কাপুৰৰ লগত ৷ কিন্তু বলীউড হাংগামাই লোৱা এক সাক্ষাৎকাৰত কাৰ্তিকে জটিলতাৰে কয় “জাহ্নৱীৰ দৰে প্ৰতিভাৱান এগৰাকী অভিনেত্ৰীয়ে যদি মোৰ ছাৰ্টও পিন্ধে ৷ তেন্তে মই বহুত সুখী হ’ম ৷” সম্প্ৰতি কাৰ্তিকৰ জাহ্নৱীৰ সন্দৰ্ভত দিয়া উত্তৰ অনুৰাগীসকলৰ কাৰণে হৈ পৰিছে ব্যাপক চৰ্চাৰ বিষয়। ইফালে সাক্ষাৎকাৰটোত কাৰ্তিকক কেনেধৰণৰ যুৱতীক বিয়া কৰাব বুলি প্ৰশ্ন কৰা হয় ৷ উত্তৰত কাৰ্তিকে কয় যে তেওঁ দীপিকাৰ পাডুকনৰ দৰে যুৱতীক বিয়া কৰাব বিচাৰে । কাৰণ দীপিকাই স্বামী ৰনৱীৰ সিঙক লৈ সততে গৰ্বিত অনুভৱ কৰে।

দৰাচলতে দীপিকা পাডুকনে যিকোনো সাক্ষাৎকাৰত স্বামী ৰনৱীৰ সিঙৰ প্ৰসংগ উল্লেখ কৰি তেওঁলোকৰ প্ৰেম, ভালপোৱা, সম্পৰ্কৰ বিষয়ে মত প্ৰকাশ কৰে । আনহাতে, কাৰ্তিক আয়ান আৰু কিয়াৰা আডৱানীৰ অভিনীত “ভুল ভুলেইয়াঁ ২”ৰ নিৰ্মাতাই জনাই যে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে সম্প্ৰতি দৃশ্যগ্ৰহণ পিছুৱাই দিয়া হ’ব ৷ কাৰণ ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা । গতিকে এনে পৰিস্থিতিত দৃশ্যগ্ৰহণ কৰা সম্ভৱ নহয় । “ভুল ভুলেইয়াঁ ২”ৰ অধিকাংশ দৃশ্যগ্ৰহণ লক্ষ্ণৌত কৰা হ’ব। ইতিমধ্যে ছবিখনৰ কিছু দৃশ্যগ্ৰহণ লক্ষ্ণৌত কৰা হ’ল ৷ কিন্তু এনেধৰণৰ পৰিস্থিতিত পুনৰ লক্ষ্ণৌ যোৱাতো সুৰক্ষিত নহয়। গতিকে প্ৰথমতে মুম্বাইত দৃশ্য গ্ৰহণ কৰাৰ পিছত বাকী দৃশ্যগ্ৰহণ ক’ত হ’ব সেয়া পৰৱৰ্তী সময়তহে সিদ্ধান্ত কৰিব বুলি জনায় ছবিখনৰ নিৰ্মাতা মুৰাদ খোতানীয়ে।

Exit mobile version