দুমাহ বিৰতিৰ পাছত অৱশেষত ফোনযোগে বাৰ্তা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ ৪০ মিনিট ধৰি হোৱা টেলিফোনিক বাৰ্তালাপত দুই ৰাষ্ট্ৰ নেতাই জি -৭ বৈঠক, কৰ’না ভাইৰাছৰ সংক্ৰমণ, জৰ্জ ফ্ল’য়েড হত্যাকাণ্ডৰ বিক্ষোভ আদি বিষয়ৰ লগতে ভাৰত চীন সীমান্ত বিবাদৰো প্ৰসংগতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃত্তিত উল্লেখ কৰা মতে “মোদী আৰু ট্ৰাম্পে ভাৰত চীন সীমান্তত উদ্ভৱ হোৱা উত্তেজনা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰৰ সন্দৰ্ভত অধিক সময় আলোচনা কৰে ৷ আমেৰিকাত কৃষ্ণাংগ যুৱকৰ হত্যাকাণ্ডক লৈ শেহতীয়াভাৱে উত্তপ্ত পৰিস্থিতি অব্যাহত আছে আৰু এনে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ফোনযোগে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ স’তে বিভিন্ন প্ৰসংগ আলোচনা কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ৷
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ স’তে ফোন যোগে বাৰ্তালাপ কৰা বুলি দাবী কৰিছিল ৷ কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই দাবী ভাৰতে অস্বীকাৰ কৰি এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পাছৰে পৰা ট্ৰাম্পৰ স’তে মোদীৰ কোনো ফোন বাৰ্তালাপ হোৱা নাই বুলি স্পষ্ট কৰি দিছিল ৷ যোৱা চাৰি এপ্ৰিলৰ পাছত ট্ৰাম্প আৰু মোদীয়ে পুনৰ ফোনেৰে যোগাযোগ কৰি ৪০ মিনিট বাৰ্তালাপ কৰে ।