ভাৰতত কৰ’না ভাইৰাছৰ জিন দুৰ্বল

কৰ’নাৰ আক্ৰমণে দেশত ভয়াবহ ৰূপ ধাৰণ সময়তে আশাৰ বাতৰি কঢ়িয়ালে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ এক গৱেষণাই। এক শেহতীয়া গৱেষণাত নতুন তথ্য লাভ কৰিছে সংস্থাটোৰ বিজ্ঞানীসকলে। এই তথ্য অনুসৰি ভাৰতত কৰ’না সংক্ৰমণ বিয়পোৱা ভাইৰাছৰ জিন দুৰ্বল। ইয়াৰ পৰিপ্ৰেক্ষিতত অতি সোনকালে এই মাৰাত্মক ভাইৰাছক পৰাভূত কৰিব পৰা যাব বুলি দাবী কৰা হৈছে।

চি এছ আই আৰৰ একাধিক পৰীক্ষাগাৰত উদ্ধাৰ হৈছে কৰ’না ভাইৰাছৰ এক দুৰ্বল শ্ৰেণী। ফলত এইবোৰৰ শক্তিও যথেষ্ট কম। মহাৰাষ্ট্ৰ, তেলেংগানা, নতুন দিল্লী,তামিলনাডু আদিৰ পৰা সংক্ৰমিত সকলৰ শৰীৰৰ নমুনা সংগ্রহ কৰি ভাইৰাছৰ বংশ দেখি চমকি উঠিছে বিজ্ঞানীসকল । সেই নমুনাৰ গৱেষণাৰ সময়ত বিজ্ঞানী দলে কৰ’না ভাইৰাছৰ জিনৰ গঠন বিন্যাস বিশ্লেষণ কৰে।

এই পৰীক্ষাত দৃষ্টিগোচৰ হয় যে ভাৰতত সংক্ৰমণ ঘটোৱা মাৰাত্মক ভাইৰাছৰ গঠন অতি দুর্বল। এই ভাইৰাছে খুব বেছি নিজৰ পৰিৱৰ্তন সাধন কৰা নাই। ফলত ইয়াৰ শক্তি বিশ্বৰ আন প্ৰান্তত আক্ৰমণ কৰা ক’ভিড-১৯ তকৈ তুলনামূলকভাৱে কম আৰু একে সময়তে সংক্ৰমণ বিয়পোৱাৰ ক্ষমতাও সীমিত। গৱেষকসকলৰ মতে, জিনৰ বিন্যাস কিমান সলনি হৈছে সেয়া চাবলৈ গৈ বিশেষ এক ধৰণৰ ক্লাষ্টাৰ ছিকুৱেন্স বিচাৰি পাইছে তেওঁলোকে। ৬৪ টা ভাইৰেল স্ট্রেইনৰ পূৰ্ণাংগ গঠন-বিন্যাস সজাই এনে ক্লাষ্টাৰ উপলব্ধ হৈছে।

চি চি এম বিৰ গৱেষকসকলে কয় যে কোনো ৰোগক প্ৰতিৰোধৰ বাবে সকলো সময়তে সেই ভাইৰাছৰ জিনৰ গঠন-বিন্যাস পৰীক্ষা কৰোৱাটো প্ৰয়োজনীয়। ভাইৰাছৰ দুৰ্বল অংশ সন্ধান কৰিব লাগে। সেই লক্ষ্য আগত ৰাখি বাৰম্বাৰ পৰীক্ষা কৰোৱা হৈছে। ইয়াৰ পিছত জিনৰ দুৰ্বল অংশক লক্ষ্য কৰি ভেকচিন প্ৰস্তুত কৰা হ’ব। সেয়ে এতিয়া সময় আৰু সুযোগৰ অপেক্ষা আছে বুলি গৱেষকে কয়।

Exit mobile version