বৃহস্পতিবাৰে মহানগৰীৰ নয়ন ধৰ নামৰ এজন সোণৰ ব্যৱসায়ীয়ে পাণবজাৰ থানাত এক অভিযোগ দিয়ে যে, অজিত নামৰ এজন লোকে তেখেতক সোণৰ বিস্কুট দিব আৰু তাৰ বিনিময়ত তেওঁ ১০ লাখ টকা তেওঁ দিব লাগিব । এই কথা হোৱাৰ পাছত তেওঁৰ পৰা পাঁচখন সোণৰ বিস্কুট লৈছিল আৰু বিনিময়ত ১০ লাখ টকা লৈছিল। টকা লৈ যোৱাৰ পাছত তেখেতে গম পালে যে সোণৰ বিস্কুট কেইটা নকল আৰু লগে লগে পাণবজাৰ থানাত অভিযোগ দিয়ে । এই তথ্যৰ ভিত্তিত পাণ বজাৰ থানাৰ ষ্টাফ আৰু ক্ৰাইম ব্ৰান্সে যুটীয়া ভাৱে এক অভিযান চলায়। এই অভিযানটো চলোৱাৰ পিছত নুনমাটি, মালিগাঁও, দিছপুৰ আৰু চান্দমাৰীৰ চাৰিজন লোকক আটক কৰে। ইপিনে তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিতে আন এক অভিযান চলোৱা হয় হোজাইত । তাৰ পৰা ৭ লাখ ৩০ হাজাৰ টকা উদ্ধাৰ কৰা হয়। ইয়াৰ লগত কোন কোন জড়িত হৈ আছে তাৰ অভিযান বৰ্তমান অব্যাহত আছে ।
মহানগৰীত পাঁচখন নকল সোণৰ বিস্কুট বিক্ৰী কৰি আৰক্ষীৰ জালত ধৃত চাৰিজন লোক
-
By publisher
ADVERTISEMENT
- Categories: Assam, City, News
- Tags: AssamPan BazaarPan Bazaar Police Station
Related Content
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
By
publisher
June 16, 2025
'বন্ধুত্বৰ প্ৰতীক'! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
By
publisher
June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
By
publisher
June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
By
publisher
June 16, 2025
দেশত দুটা পৰ্যায়ত হ'ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
By
publisher
June 16, 2025
ধ্বংস হ'ল ভেৰোনাৰ যাদুঘৰৰ মূল আকর্ষণ
By
publisher
June 16, 2025