কৰ’না সংক্ৰমণ ৰোধৰ পথ দেখুৱাইছে অট’ চালকে

Auto rickshawd with water and handwash

দুমাহৰ অধিক দিন ধৰি তলাবন্ধ হৈ থকাৰ পাছত এতিয়া দেশত হৈছে তলাবন্ধ খোলাৰ প্ৰক্ৰিয়া । ফলত দেশৰ বিভিন্ন অংশত যাত্ৰীবাছ, অট’ আদি চলিবলৈ আৰম্ভ কৰিছে । স্বাভাৱিকতে ইয়াৰ ফলত কৰ’না সংক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে । বিশেষজ্ঞই কৈ আছে যে ঘনাই হাত ধুলে এই আশংকা বহুলাংশে হ্ৰাস কৰিব পাৰি । কিন্ত ৰাস্তাই-ঘাটে ঘনাই হাত ধোৱাটো সম্ভৱ নহয়।সেই চিন্তা কৰিয়ে এক অভিনৱ পথৰ সন্ধান দিলে এজন অট’চালকে । সম্প্ৰতি উদ্যোগপতি হৰ্ষ গোৱেংকাই এটা ভিডিঅ’ টুইট কৰিছে ।

সেই ভিডিঅ’তে দেখা গৈছে যে অট’চালক জনে নিজৰ অট’ত যাত্ৰী তোলাৰ বাবে চাবোনেৰে তেওঁলোকৰ হাত ধোৱাৰ ব্যৱস্থা কৰিছে । ই সৰু অট’খনতে পানী আৰু চাবোনৰ ব্যৱস্থা কৰিছে তেওঁ । পানীৰ বাবে তেওঁ এডাল দীঘল প্লাষ্টিকৰ পাইপৰ দৰে চিলিণ্ডাৰত টেপ সংলগ্ন কৰিছে । অট’তে বান্ধি দিয়া হৈছে এটা হেণ্ডৱাশ্বৰ বটল ।তাৰপৰা হেণ্ডৱাশ্ব লৈ টেপৰ পানীৰে হাত ধোৱাৰ পাছতহে অট’ত যাত্ৰী উঠিব পাৰে । অট’ৰ প্লেটৰ নম্বৰ পৰা চালকজন কেৰেলাৰ বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version