ভুৱা পৰিচয়ৰে নাম পঞ্জীয়ন কৰি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজনৰ

Punjab To Set Up Quarantine Centres For Police Personnel

কোৱাৰেণ্টাইন কেন্দ্ৰত ভুৱা পৰিচয় প্ৰদান কৰি কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলা‌য়ন কৰা ঘটনা সংঘটিত হয় ওদালগুৰিত। ঘটনাটো সংঘটিত হৈছে ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত জেবি হাগজেৰ বিদ্যালয়স্থিত অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰত। বহিঃৰাজ্যৰ পৰা কিছুদিন পূৰ্বে অসমলৈ আহি ৰৌতাৰ জেবি হাগজেৰ বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ আছিল মামুদ আলীৰ পুত্ৰ আজাদ আলী। কিন্তু লোকজনে কোৱাৰেণ্টাইন চেণ্টাৰত নিজৰ প্ৰকৃত পৰিচয়ৰ বিপৰীতে নিজকে ঢিপিচৰা গাওঁৰ আবেদ আলীৰ পুত্ৰ নুৰ মহম্মদৰ নামেৰে পঞ্জীয়ন কৰিছিল।

ইয়াৰ পাছত আজি পুৱা প্ৰায় ১০ বজাত লোকজনে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ লগতে স্বাস্থ্য বিভাগৰ ভিতৰচৰাত হাহাকাৰ লাগে। ঘটনাৰ বিষয়ে স্থানীয় ৰৌতা আৰক্ষীক খবৰ কৰা হয়। পাছত ৰৌতা আৰক্ষীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰত লোকজনৰ পঞ্জীয়নভুক্ত পৰিচয়ৰে বিচাৰ-খোচাৰ কৰে যদিও লোকজনৰ কোনো শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হয়। পাছত কোৱাৰেণ্টাইন কেন্দ্ৰটোত লোকজনে থকা বিচনাত তেওঁৰ ভোটাৰ পৰিচয় পত্ৰ লাভ কৰাত লোকজনৰ প্ৰকৃত পৰিচয় পোহৰলৈ আহে। প্ৰকৃত পৰিচয়ৰ ভিত্তিত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লোকজনৰ সন্ধান বিচাৰি অভিযান চলায়।

অৱশেষত দৰং-ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী মাধৱ-গোহাই গাওঁস্থিত নিজ সম্পৰ্কীয় ঘৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰে। পাছত ১০৮ মৃত্যুঞ্জয় সেৱাৰ দ্বাৰা পুনৰ লোকজনক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত লোকজনক উদ্ধাৰৰ পাছতহে আৰক্ষী তথা স্বাস্থ্য বিভাগে স্বস্তিৰ নিশ্বাস লয়। একাংশ এনে মানসিকতাৰ লোকৰ বাবেই বৰ্তমান সমাজত কৰ’নাৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। এনে ধৰণৰ লোকৰ বিৰুদ্ধে আগন্তুক দিনত আৰক্ষীয়ে কঠোৰ হোৱাৰো সকীয়নি প্ৰদান কৰিছে।

Exit mobile version