মহানগৰীৰ তিনিস্থান নতুনকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা

05 05 2020 containment zone 2

মহানগৰীৰ বাথৌ নগৰ, মালিগাওঁৰ কৃষ্ণ নগৰ আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক নতুন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ গাত ক’ভিড-১৯-ৰ উপস্থিতি ধৰা পৰাৰ পাছতে সেই অঞ্চলৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। ইয়াৰ সীমা নিৰ্ধাৰণ কৰা হৈছে উত্তৰে কফি বৰ্ড, দক্ষিণে এডজাচেন্ট ৰোড, পূৱে এছ এচ বি কেম্প আৰু পশ্চিমে কেন্দ্ৰীয় কাৰাগাৰৰ মুখ্য তোৰণ ।

ADVERTISEMENT

ইফালে, মালিগাঁও কৃষ্ণ নগৰৰ কণ্টেইনমেন্ট জ’নৰ সীমা হৈছে উত্তৰে কৃষ্ণ নগৰ পথ, দক্ষিণে মিঠা আমতল, পূৱে আদিংগিৰি গাঁও আৰু পশ্চিমে গোশালা আদিংগিৰি পথ। বাথৌ নগৰৰ সীমা হৈছে উত্তৰে ফাকুৰাম বাসগৃহ, দক্ষিণে চিৰিয়াখানা চৌহদ পূৱে জাপৰিগোগ পাহাৰ আৰু পশ্চিমে গাঁও পথ ৷

Exit mobile version