মোদীক সুৰক্ষা দিবলৈ অচিৰেই সংযোজিত হ’ব দুখন ব’য়িং-৭৭৭ বিমান

PM Narendra Modi before boarding Air India One

প্ৰধানমন্ত্ৰীৰ বাহনৰ তালিকাত এইবাৰ সংযোজিত হ’ব দুখনকৈ অত্যাধুনিক প্ৰযুক্তিৰ ব’য়িং-৭৭৭ বিমান। ক্ষেপনাস্ত্ৰৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম এই দুখন বিমান এয়াৰ ইণ্ডিয়াই অচিৰে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ স্বাৰ্থত অন্তৰ্ভুক্ত কৰিব। প্ৰকাশিত বাতৰি অনুসৰি অহা ছেপ্টেম্বৰৰ ভিতৰত ভাৰতে দুয়োখন ব’য়িং-৭৭৭ বিমান লাভ কৰিব। আগষ্টৰ অন্তিমভাগত আমেৰিকাৰ পৰা প্ৰথমখন ব’য়িং-৭৭৭ লাভ কৰিব আৰু পৰৱৰ্তী মাহত আনখন বিমান যোগান ধৰা হ’ব।

এই বিমানৰ বিশেষত্ব হ’ল ইয়াত চেল্ফ প্ৰটেকছন ছ্যুটছ (এছ পি এছ) সুবিধা থাকিব। এই বিমানেৰে যাত্ৰা কৰা সময়ত সন্ত্ৰাসবাদী আদিয়ে প্ৰধানমন্ত্ৰীৰ বিমানক ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ অপচেস্টা চলালেও সেয়া বিমানখনে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণৰ বাবে লাভ কৰিব লগা এই দুখন ব’য়িং বিমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে তৈয়াৰ কৰা ‘এয়াৰ ফৰ্চ ৱান’ৰ আৰ্হিত তৈয়াৰ কৰা হৈছে।

Exit mobile version