গোসাঁইগাঁৱৰ হাউৰীয়াপেটত আনন্দৰ উল্লাস মাদ্ৰাছাৰ তৃতীয় স্থান দখল ৰুচিদুল আলী শ্বেখৰ

3 RD RASHIDUL ALI SHEIKH

আজি সদ্য ঘোষিত হাই মাদ্ৰাছা চুড়ান্ত পৰীক্ষাত উজলিল গোসাঁইগাঁৱৰ হাউৰীয়া পেট নৱজ্যোতি মাদ্ৰাছা। মাদ্ৰাছাখনৰ ছাত্ৰ ৰুচিদুল আলী শ্বেখে লাভ কৰিলে তৃতীয় স্থান। গোসাঁইগাঁৱৰ অতি দুৰ্গম এলেকা হাউৰীয়া পেট হাই মাদ্ৰাছা স্কুলৰ ছাত্ৰ ৰুচিদুল শ্বেখ আলীয়ে মুঠ ৫৫১ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰি গোসাঁইগাঁও মহকুমাৰ লগতে পশ্চিম অসমলৈ সুনাম কঢ়িয়াই আনিছে।

ছাত্ৰজন মাদ্ৰাছাৰ তৃতীয় স্থান লাভ কৰাৰ ঘটনাই অঞ্চলটোত আনন্দ উল্লাস দেখা গৈছে। মোমায়েকৰ ঘৰত থাকি অধ্যয়ন কৰা ছাত্ৰজনৰ ফলাফলে অঞ্চলত আনন্দৰ সৃষ্টি কৰিছে। পিতৃ আব্দুৰ ৰহমান আৰু মাতৃ তশিৰন বিবিৰ জ্যেষ্ঠ পুত্ৰ। পিতৃ গাঁৱত এখন ক্ষুদ্ৰ দোকান দি পৰিয়াল চলায়। ছাত্ৰজনে ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন আছে বুলি কয় সংবাদমাধ্যমৰ আগত ।

Exit mobile version