ছয়গাঁও ৰেলপথত ৰহস্যজনক ভাৱে উদ্ধাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ এচিছটেণ্ট প্ৰফেচাৰৰ মৃতদেহ

tu

মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ ৰাজ্যত তলাবন্ধৰ মাজতে কামাখ্যা যোগীঘোপা ৰেল আলিৰ ছয়গাঁও খৰখৰীত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। । ৰেলৰ চেপাত বাওঁ ভৰিখন কটা অৱস্থাত ৰেলআলিৰ দাঁতিত উদ্ধাৰ। মৃত লোকজন ধুবুৰী জিলাৰ চাপৰৰ ড: তাপস মেধী। ড: তাপস মেধী তেজপুৰ ইউনিভাৰ্চিটিৰ Molecular Biology and biotechnology departmentৰ এচিটেণ্ট প্ৰফেচাৰ।

তাপস মেধীয়ে ব্যৱহৃত ML05E-2949 নম্বৰৰ চাৰিচকীয়া বাহন খন ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে । নিজৰ বাহনেৰে ছয়গাওঁ খৰখৰীৰ আত্মীয়ৰ ঘৰলৈ গৈছিল । বাহন খনত আছিল নিজৰ মোবাইল, আত্মীয়ৰ ঘৰলৈ অনা মিঠাই আৰু বিস্কুট। ইপিনে আৰক্ষীৰ তদন্ততহে ওলাই পৰিব অধ্যাপক গৰাকীৰ মৃত্যুৰ কাৰণ ।

Exit mobile version