মৌ পালক,ভাস্কৰ্য্যশিল্পীৰ কন্যা ছন্দ্ৰমা হাজৰিকাৰ সফলতা

দ্ৰৰিদ্ৰতা যে শিক্ষাৰ কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকেই আজি প্ৰমাণ কৰি দেখুৱালে বিশ্বনাথ চাৰিআলিৰ কমাৰ গাঁৱৰ এগৰাকী মেধা সম্পন্ন ছাত্ৰী ছন্দ্ৰমা হাজৰিকাই। মৌ পালনেৰে আৰু ভাস্কৰ্য্য শিল্পৰ ধনেৰে ঘৰখন চলাবলৈ কষ্ট কৰা ৰমেন হাজৰিকাৰ জীয়ৰী ছন্দ্ৰমা হাজৰিকা নামৰ ছাত্ৰী গৰাকীয়ে প্ৰথম স্থান ২ টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে ৷

ছন্দ্ৰমা হাজৰিকাৰ লাভ কৰা নম্বৰসমূহ হৈছে অসমীয়াত ৬৯,ইংৰাজীত ৮২,গণিতত ৬০,সাধাৰণ বিজ্ঞানত ৫৪,সমাজ বিজ্ঞানত ৬৫,ভূগোলত ৮২ সহ সৰ্বমুঠ ৪১২ ৷ মৌ পালন কৰি ভাস্কৰ্য্যশিল্পৰ ধনেৰে ঘৰখন চলাব কষ্ট হোৱাৰ সময়তে আজি জীয়ৰীৰ এই সফলতাত সুখী ৰমেন হাজৰিকাৰ লগতে অঞ্চলবাসী।

Exit mobile version