অভয়াপুৰীত পাবজী গেমত আসক্ত হৈ আত্মহত্যা যুৱকৰ

suicide representation

বিগত ২৪ ঘন্টাত অভয়াপুৰীত দুই যুৱক যুৱতীৰ আত্মহননৰ পথ বাচি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ইয়াৰে এগৰাকী যুৱতীয়ে পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ পিছতে এইবাৰ “পাবজী” খেলত আসক্ত হৈ আত্মহত্যাৰ পথ বাছি ল’লে অভয়াপুৰীৰ উৎকৰ্ষ মাহেশ্ৰীয়ে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ২৫ বছৰীয়া যুৱকজনে বাংগালুৰলৈ গৈছিল ইঞ্জিনীয়াৰিং পঢ়িবলৈ ৷ তাত বন্ধুৰ পৰা পামজী গেম শিকি আহি পঢ়া শুনাৰ প্ৰতি ধাউতি নাইকিয়া হয় উৎকৰ্ষৰ ৷ ইয়াকে দেখি তেওঁক পৰিয়ালৰ লোকে ব্যৱসায়ত পিতৃক সহায় কৰিবলৈ আহ্বান কৰে ।

ইয়াৰ পিছত পাবজি গেম ডিলিট কৰে যদিও পুনৰ আসক্ত হৈ ডাউনলোড কৰে ৷ উৎকৰ্ষৰ পিতৃয়ে জনোৱা অনুসৰি দৈনিক ৫-৬ ঘন্টাকৈ পাবজী গেম খেলা উৎকৰ্ষই ব্যৱসায়ত পিতৃক সহায় কৰিছিল ৷ শনিবাৰেও পিতৃৰ ব্যৱসায়ৰ কাম-কাজৰ তদাৰক কৰি বেংকৰ লেনদেনৰ বাবে যায় । নিশা পৰিয়ালৰ লগত আহাৰ গ্ৰহণ কৰি সকলো শুবলৈ যায় যদিও আজি পুৱা উৎকৰ্ষক কোঠাত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । পিছত অভয়াপুৰী আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

Exit mobile version