কৰ’না আক্ৰান্তঃ বিশ্বৰ পঞ্চম স্থানত ভাৰত

বিশ্বৰ ক’ভিড১৯ আক্ৰান্তৰ শীৰ্ষ দেশসমূহৰ তালিকাত উদ্বেগজনকভাৱে আগুৱাইছে ভাৰতৰ স্থান ৷ সপ্তম স্থানৰ পৰা এইবাৰ ভাৰত হ’লগৈ পঞ্চম স্থান । স্পেইনক পিছ পেলাই ভাৰতে এই স্থান দখল কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দাঙি ধৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ভাৰতত ৯৮৮৭ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে । শেহতীয়া তথ্য অনুসৰি ১৫ মে’ৰ পৰা ২০ মে’ পৰ্যন্ত ভাৰতত প্ৰতিদিনে চাৰিৰ পৰা পাঁচ হেজাৰজন লোক আক্ৰান্ত হৈছে । যোৱা তিনিদিনে ন হেজাৰৰ পৰা ১০ হেজাৰকৈ এদিনত নতুনকৈ আক্ৰান্ত হৈছে ৷ তৎস্বত্বেও ৰাষ্ট্ৰীয় কৰ’না আক্ৰান্ত বৃদ্ধিৰ হাৰ কিছু লেহেম হৈছে বুলি তথ্যত কোৱা হৈছে ৷ এই পৰিসংখ্যা অৰ্ধ শতাংশতকৈ সামান্য বেছি হ’ব ৷ বিগত দুসপ্তাহত সামগ্ৰিকভাৱে বৃদ্ধিৰ হাৰ নিম্নমুখী বুলি পৰিসংখ্যা প্ৰকাশিত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰে যে ভাৰতত তলাবন্ধৰ ফলত সংক্ৰমণৰ হাৰ কিছু লেহেম হৈছে ৷ সংস্থাটোৰ এজন সঞ্চালক মাইকেল ৰায়নে কয় যে তলাবন্ধৰ ফলত সংক্ৰমণৰ হাৰ লেহেম হৈছে যদিও এতিয়া দেশে পুনৰ মুকলিৰ দিশলৈ গতি কৰাৰ লগে লগে বৃদ্ধি হোৱাৰ আশংকা আছে ৷ সংস্থাটোৰ বিশেষজ্ঞই কয় যে ভাৰতত এতিয়াও কৰ’না আক্ৰমণ বিস্ফোৰক হোৱা নাই যদিও তলাবন্ধ প্ৰত্যাহাৰ হোৱাৰ লগে লগে এনে আশংকা অমূলক নহয় । ইপিনে ভাৰতত ছেপ্তেম্বৰৰ মাজভাগত ক’ভিড ১৯ ৰ সংক্ৰমণ বন্ধ হ’ব পাৰে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ দুজন বিষয়াই দাবী কৰে । তেওঁলোকে গণিত ভিত্তিক এক বিশ্লেষণৰ অন্তত কয় যে সুস্থ আৰু মৃতৰ সংখ্যা তথা আক্ৰান্তৰ সংখ্যা সমান হ’লে এই মহামাৰী নোহোৱা হ’ব।

Exit mobile version