কৰ’না ভাইৰাছঃ মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ নিৰ্দেশনা

1 image Coronavirus MERS CoV

বিশ্ব স্বাস্থ্য সংস্থাই শুক্ৰবাৰে কৰ’না ভাইৰাছৰ সময়ত আমাৰ সকলোৰে অত্যাৱশ্যকীয় সামগ্ৰী হৈ পৰা মাস্কৰ সন্দৰ্ভত গাইড লাইন প্ৰস্তুত কৰি উলিয়াইছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰ’নাৰ সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ মাস্ক পৰিধান কৰাটো অতিকে প্ৰয়োজন । গতিকে মাস্ক পৰিধান কৰাত কিছুমান নীতি নিয়ম থাকিব লাগে ৷ ইয়াৰ ভিতৰত-

১. সকলো স্বাস্থ্য কৰ্মীয়ে তিনি তৰপীয়া মাস্ক পৰিধান কৰিব লাগে ৷ আৰু যিসমূহ লোকৰ অসুখ তেওঁলোকেহে মেডিকেলৰ পৰা দিয়া মাস্ক পৰিধান কৰিব লাগে।

২. সকলো দেশৰ চৰকাৰে জনসাধাৰণক মাস্ক পৰিধান কৰিবলৈ উৎসাহিত কৰক। যিসমূহ অঞ্চলত সংক্ৰমণৰ আশংকা বেছি তেওঁলোকে যিকোনো পৰিস্থিতিত মাস্ক পিন্ধাটো জৰুৰী। ইয়াৰোপৰি জনবহুল ঠাই যেনে বাছ আস্থন, ৰেল ষ্টেচন, চিকিৎসালয়ত আদিত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।

৩. যিসমূহ ঠাইত কৰ’নাৰ সংক্ৰমণৰ আশংকা বেছি তেওঁলোকে মেডিকেলৰ দ্বাৰা দিয়া বিশেষ মাস্ক পৰিধান কৰিব পাৰে ।চিকিৎসালয়ত স্বাস্থ্য কৰ্মীসকলৰ লগতে ৰোগীসকলেও চিকিৎসালয়ৰ পৰা দিয়াহে মাস্ক পৰিধান কৰিব লাগে ৷

৪. ইফালে মাস্কৰ কিছুমান নেতিবাচক দিশো আছে ৷কাপোৰৰ মাস্কসমূহ তিতি যোৱাৰ পিছত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হ’ব পাৰে ৷ লগতে কিছুমান লোকে আকৌ মাস্ক পৰিধান কৰাৰ পিছত সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব নিদিয়ে ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰ’নাৰ পৰা বাছিবলৈ মাস্ক পৰিধান কৰাৰ দৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে হাত ধোৱাতো অতি প্ৰয়োজনীয় ৷

Exit mobile version