অৱশেষত বহু অপেক্ষাৰ অন্তত পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ মাজতে শনিবাৰে ঘোষণা হ’ল অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । তাকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰ জোৱাৰ। কোনোবাখন বিদ্যালয় উজ্বলি উঠিছে, কোনোবা ছাত্ৰ-ছাত্ৰী নিজৰ সফলতাৰে জিলিকি উঠিছে । মুঠতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সকলোৱে উদযাপন কৰিছে আনন্দ উৎসৱ। কিন্তু তাৰ মাজতে এটা দুখৰ বতৰা কঢ়িয়াই আনিছে বি টি এ ডিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ চহৰৰ ৩ নং ৱাৰ্ডত অৱস্থিত “উত্তমা সেন হাইস্কুল” খনলৈ । দূৰ্ভাগ্যজনক ভাৱে বিগত দুবছৰৰ দৰে এইবাৰো ফলাফল নাহিল উক্ত বিদ্যালয়খনলৈ । কাৰণ উক্ত বিদ্যালয়খনৰ পৰা এগৰাকী শিক্ষাৰ্থীও উত্তীৰ্ণ নহ’ল । বেঙ্গলী মাধ্যমৰ উক্ত শিক্ষানুষ্ঠানখন ১৯৭৫ চনত স্থাপন হোৱাৰ পিছত ২০১৩ চনত চৰকাৰীকৰণ হৈছিল ।
বিদ্যালয়খনৰ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ মুঠ নগৰাকী শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু তেওঁলোকৰ মাজৰ পৰা এগৰাকীও উত্তীৰ্ণ নহ’ল। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়েই নিজৰ নামটো শুদ্ধকৈ লিখিব নাজানে । এইক্ষেত্ৰত একাংশই বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ গাফিলতিৰ বাবে বিদ্যালয়খনৰ এই অৱস্থাৰ বাবে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত বিগত ২০১৮ চনৰ পৰাই ধাৰাবাহিক ভাৱে বিদ্যালয়খনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ ফলাফল শূন্য হৈ আহিছে । মাত্ৰ ষাঠিৰো অধিক ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা উক্ত বিদ্যালয়ত বৰ্তমান ৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে । ইতিমধ্যে নিজ কৰ্তব্য পালনত হেমাহী কৰা বাবে প্ৰধান শিক্ষয়িত্ৰী শীলা মিত্ৰ নিলম্বন হোৱাৰ পিছত বৰ্তমান প্ৰধান শিক্ষকৰ দায়িত্বত আছে প্ৰদীপ দে । ইফালে গুণগত শিক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগে এনে ধৰণৰ শিক্ষানুষ্ঠানৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।