পূৰ্বতকৈ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভালঃ মন্ত্ৰী ড° শৰ্মা

78996054 10157656924263983 9221043535027021806 o

♦ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কোনো ত্ৰুটি নথকাকৈ ঘোষিত হোৱাৰ পিছতে ছেবাক প্ৰশংসা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

♦ পূৰ্বতকৈ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভালঃ মন্ত্ৰী ড° শৰ্মা ৷

♦ ৰাজ্যৰ ১৭ খন বিদ্যালয়ৰ পৰা এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাই ৷

♦ এই ১৭ খন বিদ্যালয় বন্ধ কৰিব চৰকাৰে ৷

♦ উক্ত বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীক কাষৰীয়া বিদ্যালয়লৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ চৰকাৰে ৷

♦ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এইবাৰ দিয়া নহয় কম্পিউটাৰ ৷

♦ ইয়াৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীক ৩০ আগষ্টৰ ভিতৰত প্ৰদান কৰা হ’ব ২০ হেজাৰ টকা।

♦ সকলো চৰকাৰী মহাবিদ্যালয়,বিশ্ববিদ্যালয়ত নামভৰ্তি হ’ব সম্পূৰ্ণ বিনামূলীয়া ।

♦ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া হ’ব নামভৰ্তি।

♦ মেডিকেল, ইঞ্জিনীয়াৰিং আৰু এগ্ৰিকালছাৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া হ’ব নামভৰ্তি ৷

♦ হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীক চৰকাৰে দিব ১০০০ টকাকৈ ৷

♦ লগতে কিতাপৰ কাৰণেও দিব ১০০০ টকা। ইফালে শিক্ষকসকলৰ কাৰণেও আনিছে মন্ত্ৰী ড° শৰ্মাই বিশেষ খবৰ ।

♦ সম্প্ৰতি শিক্ষকসকলে ৬০ বছৰলৈ কৰিব পাৰিব চাকৰি ৷লগতে লাভ কৰিব পি এফ আৰু ছুটী।

♦ ২৯,৭০১ গৰাকী টেট শিক্ষকে বৰ্ধিত হাৰত পাব ডি এ ৷

♦ ১১,২০৪ গৰাকী ৰাজ্যিক পুল শিক্ষকে পাব এই সুবিধা ৷ আনহাতে ক’ভিড১৯ ক সংক্ৰমণৰ লক্ষ্য কৰি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছিল ৷ সম্প্ৰতি বিদ্যালয়সমূহ খোলাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছে চৰকাৰে ৷

♦ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সপ্তাহত দুদিন হ’ব পাঠদান ৷

♦ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে নীতি ৷

♦ সামাজিক ব্যৱধান বৰ্তাই ৰাখি শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ সাজু চৰকাৰ ৷

♦ কিন্তু এই ক্ষেত্ৰত সিদ্ধান্ত ল’ব মানব সম্পদ মন্ত্ৰণালয়ে ৷

Exit mobile version