আজিৰে পৰা খোলা হৈছে দেশৰ উপাসনাস্থলী

আজিৰে পৰা দেশজুৰি খোলা হৈছে মন্দিৰ, মছজিদৰ লগতে উপাসনা স্থলীসমূহ ৷ অৱশ্যে চৰকাৰে উপাসনা স্থলীসমূহ খুলিবলৈ অনিমতি দিলেও দেশৰ ভক্তগনে মানি চলিব লাগিব কিছুমান নীতি নিয়ম । লগতে মন্দিৰসমূহেও সম্প্ৰতি বহু নিয়ম মানি চলিব লাগিব । পুৱাৰ পৰা ভক্তগনে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি মন্দিৰত প্ৰবেশ কৰিছে। ইয়াৰ মাজতে জনপ্ৰিয় ধাৰ্মিক ধাৰাবাহিক ৰামায়ণৰ “ৰাম” অৰ্থাৎ অৰুণ গোৱিলে অনুৰাগীসকলৈ কৰিছে এক বিশেষ আহ্বান ৷

অভিনেতা অৰুণে মন্দিৰলৈ যোৱা লোকসকলক সকলো ধৰণৰ নিয়ম পালন কৰিবলৈ আহ্বান কৰিছে ৷ তেওঁ টুইটাৰ যোগে প্ৰকাশ কৰিছে “আজিৰ পৰা ধৰ্মীয় অনুষ্ঠানসমূহ খুলি দিয়া হৈছে ৷ আপোনালোকৰ সুৰক্ষা ভগৱানৰো বহুত প্ৰিয়৷ গতিকে সকলো নীতি নিয়ম মানি চলক ৷” অৰুণ গোৱিলৰ এই প’ষ্টটোক সকলো অনুৰাগীয়ে আদৰি লৈছে। উল্লেখযোগ্য যে, তলাবন্ধৰ সময়ত ৰামায়ণ ধাৰাবাহিকখনে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল ৷ এই ধাৰাবাহিকখনত ৰামৰ চৰিত্ৰত অৰুণ গোৱিল, লক্ষ্মণ চৰিত্ৰত অভিনয় কৰিছিল সুনীল লহৰী, আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল দীপিকা চিখলিয়াই।

Exit mobile version